NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ দুৰ্ঘটনা ! বাছ-ট্ৰাকৰ সংঘৰ্ষত ৯ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2021 1:22 pm
Road accident

বৃহস্পতিবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত সংঘটিত হৈছে এক ভয়ানক দুৰ্ঘটনা।

বাৰাবাঁকী জিলাৰ দেৱা আৰক্ষী থানাৰ সীমাৰ সমীপত এখন বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত ৯ জন লোক নিহত আৰু ২৭ জন আহত হৈছে।

যাত্ৰীবাহী বাছখন দিল্লীৰ পৰা লক্ষ্ণৌ হৈ বাহৰাইচলৈ গৈ আছিল বুলি স্থানীয় আৰক্ষী বিষয়াই জানিব দিয়ে।

বাৰাবাঁকীৰ জিলা দণ্ডাধীশ আদৰ্শ সিং আৰু আৰক্ষী অধীক্ষক যমুনা প্ৰসাদে জানিবলৈ দিছে যে বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু আহতসকলক বাৰাবাঁকী জিলা চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক লক্ষ্ণৌৰ KGMU ট্ৰমা চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁলোকে উল্লেখ কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বাৰাবাঁকী জিলা বিষয়াসকলক আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে আৰু মৃতকৰ আত্মীয়সকলক ২ লাখ আৰু আহতসকলক ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।

স্থানীয় আৰক্ষী বিষয়াসকলে প্ৰাথমিক অনুসন্ধানৰ পিছত ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাছখনত খুন্দা মাৰিছিল বুলি জানিবলৈ দিয়ে।