NORTHEAST NOW (Assamese)
অসম

ড০ মনমোহন সিঙৰ বাসভৱনৰ বাহিৰত কিয় আঁৰি ৰখা হৈছে কোৱাৰেন্টাইনৰ জাননী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2020 9:57 am
Manmohan_Singh-750x375

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ ৩নং মতিলাল নেহৰু প্লেচৰ বাসভৱনৰ বাহিৰত এখন কোৱাৰেন্টাইনৰ জাননী আঁৰি ৰখা হৈছে।

এইটোৱে আন বহুতৰ লগতে একাংশ কংগ্ৰেছ নেতাৰো কৌতুহল বৃদ্ধি কৰিছে।

জানিব পৰা মতে, প্ৰাক্তন প্ৰধান মন্ত্ৰী সিঙৰ ঘৰত কাম কৰা ঘৰুৱা সহায়ক এগৰাকীৰ কন্যাৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

চাৰ্ভেন্ট কোৱাৰ্টাৰত থকা তেওঁ আৰু তেওঁৰ পৰিয়ালটোক কোৱাৰেন্টাইন কৰা হৈছে।

শেহতীয়াকৈ কিছু অসুস্থ হৈ থকা ড০ সিঙ বৰ্তমান লাহে লাহে সক্ৰিয় হৈ উঠিছে।

কংগ্ৰেছ নেতৃত্বই জানিবলৈ দিয়ে যে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দলৰ এখন পৰামৰ্শদাতা সমিতিৰ বৈঠকত অংশ গ্ৰহণ কৰিছিল।