NORTHEAST NOW (Assamese)
Popular Stories

বিস্ময় মুগ্ধ ভক্ত; পানীৰ তলত উদ্ধাৰ ভগৱান বিষ্ণুৰ ৫০০ বছৰীয়া মন্দিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2020 12:10 pm

নদীত পোত যোৱা ভগৱান বিষ্ণুৰ এটা মন্দিৰ হঠাৎ এতিয়া ওড়িষ্যাত পানীৰ তলত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

প্ৰাপ্ত তথ্য মতে ৰাজ্যখনৰ নয়াগড় জিলাত পদ্মাবতী নৈৰ কাষৰীয়া কিছু গাঁৱত ই এতিয়া চৰ্চাৰ প্ৰধান বিষয় হৈ পৰিছে।

নদীৰ পানীৰ তলত এটা মজবুত আৰু চকুত পৰা অট্টালিকা দেখা পাই গাঁৱৰ লোকসকল বিস্মিত হৈ পৰিছিল।

পিছত অনুন্ধান কৰাত উক্ত অট্টালিকাটো ভগৱান বিষ্ণুৰ এটা মন্দিৰ আছিল বুলি জানিব পৰা যায়, বাতৰিত প্ৰকাশ

National Trust for Art and Cultural Heritage (INTACH)-ৰ মতে উক্ত মন্দিৰটো প্ৰায় ৫০০ বছৰ পুৰণি।

পুৰাতত্ত্ববিদৰ এটা দলে মন্দিৰটো স্থাপত্য অধ্যয়ন কৰি আছে। তেওঁলোকৰ মতে মন্দিৰটো ১৫ বা ১৬ শতিকাত নিৰ্মাণ কৰা হৈছিল।