NORTHEAST NOW (Assamese)
Popular Stories

আৰ্থিক দৈন্যতাত বাক্সা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ পৰিয়াল

Posted by: দীপক কুমাৰ পাঠক August 19, 2018 10:36 pm
Baksa BJP former president

নিজৰ জীৱনকালত বিজেপিৰ বাবে গাঁঠিৰ ধন ভাঙি, চাইকেল চলাই অতি দুৰ্গম অঞ্চললৈ গৈয়ো দলৰ হৈ কাম কৰা বাক্সা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, দলটোৰ একনিষ্ঠ সেৱক প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ পৰিয়াল এতিয়া মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে।

দীৰ্ঘদিন ধৰি বেমাৰত ভোগী যোৱা ৬ আগষ্টত মৃত্যুবৰণ কৰা স্বৰ্গীয়াৰীৰ চিকিৎসাৰ বাবত পৰিয়ালটোৱে ঘৰৰ মাটি-বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছিল।

উল্লেখযোগ্য যে স্বৰ্গীয়াৰীৰ তামুলপুৰৰ ভকতপাৰাৰ বাসগৃহত আজি অনুষ্ঠিত আদ্যশ্ৰাদ্ধত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি দুখত ভাগি পৰে তেওঁৰ পৰিয়ালৰ লোকসকল। আনকি দেউতাকৰ চিকিৎসাৰ বাবে লাগি থাকিবলগীয়া হোৱাত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তানেও স্নাতকৰ ৫ম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে।

বিজেপিৰ বাবে পৰিয়ালৰ কথা নভবাকৈ কাম কৰা স্বৰ্গীয়াৰীৰ পৰিয়ালটোই এতিয়া এমুঠি অন্নৰ বাবে চিন্তা কৰিব লগীয়া হোৱা বুলি দুখ প্ৰকাশ কৰি পৰিয়ালৰ কোনো সদস্যক কৰ্ম সংস্থাপন দিয়াৰ বাবেও শাসনাধিস্থ চৰকাৰক কাতৰ অনুৰোধ জনায়।

অৱশ্যে আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হোৱা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা পৰিয়ালটোক সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দিয়ে।

আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানতে ভবেশ কলিতাই প্ৰয়াত স্বৰ্গীয়াৰীৰ বাসগৃহৰ চৌহদত নিৰ্মাণ কৰা তেওঁৰ স্মৃতি সৌধটো মুকলি কৰে।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাস, বিজেপি নেতা বনমালী বড়ো, বাক্সা জিলা বিজেপিৰ নেতা কৰ্মী, তামুলপুৰ, নাগ্ৰীজুলি মণ্ডল বিজেপিৰ নেতা কৰ্মী, স্থানীয় বেজেপি নেতা-কৰ্মী আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।