NORTHEAST NOW (Assamese)
অসম

যাদৱপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক আক্ৰমণৰ ঘটনাক গৰিহণা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2019 4:03 pm
Babul-Supriyo-Jadavpur-University-770x433

পশ্চিম বংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ক কিছুসংখ্যক ছাত্ৰই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

শুকুৰবাৰে যাদৱপুৰ বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অনুষ্ঠিত কৰা এখন ছেমিনাৰত অংশ লবলৈ যোৱাৰ সময়ত বিশ্ববিদ্যালয়খনৰ কিছুসংখ্যক ছাত্ৰই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কলা পতাকা দেখুৱাই আৰু তেওঁক আবদ্ধ কৰিবলৈ চেষ্টা কৰে।

সমগ্ৰ ঘটনাসন্দৰ্ভত মুখ্য মন্ত্ৰী দেৱে টুইট কৰি কয় যে বিশ্ববিদ্যালয় এখন জ্ঞান আহৰণৰ থলী উগ্ৰ বামপন্থাৰ থলী নহয়। সেই কাৰণে ভাৰতীয় জনসাধাৰণে বামপন্থাক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ সমগ্ৰ ঘটনাক গৰিহণা দিয়ে।

উল্লেখযোগ্য যে, শুকুৰবাৰে বাবুল সুপ্ৰিয়ক যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বামপন্থী ছাত্ৰ-ছাত্ৰীসকলে প্ৰৱেশ দ্বাৰত প্ৰায় ডেৰ ঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰি থাকিবলৈ বাধ্য কৰিছিল।

বিজেপি নেতাগৰাকীয়ে কিছুসংখ্যক ছাত্ৰই তেওঁক শাৰীৰিকভাৱেও আক্ৰমণ কৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

আনহাতে, তীব্ৰ প্ৰতিবাদৰ পাছতো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত তেওঁ ছেমিনাৰখনত অংশগ্ৰহণ কৰে।

বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উদ্ধাৰৰ বাবে ঘটনাস্থলীত পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধানকাৰো উপস্থিত হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।