NORTHEAST NOW (Assamese)
অসম

WhatsAppত এইবাৰ নতুন ফিচাৰ; সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা কি আছে ইয়াত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2020 12:36 pm
WhatsApp

জনপ্ৰিয় মেচেজিং এপ WhatsAppয়ে এইবাৰ লৈ আনিছে এক নতুন আকৰ্ষণীয় ফিচাৰ্ছ। কিন্তু কি আছে এই বহু চৰ্চিত ফিচাৰ্ছত? কিন্তু কি আছে এই বহু চৰ্চিত ফিচাৰ্ছত?

নতুন ফিচার্ছৰ জৰিয়তে এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ WhatsApp একাউন্টটো চাৰিটা ডিভাইচত চলাব পাৰিব।

শীঘ্ৰেই এই ফিচাৰ গ্ৰাহকৰ হাতত তুলি দিবলৈ বৰ্তমান তৎপৰতাৰে কাম চলাই থকা হৈছে।

WABetaInfoৰ ফালৰ পৰা টুইটৰ জৰিয়তে জানিবলৈ দিয়া মতে আৰু কেইদিনমানৰ ভিতৰতে WhatsAppব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউন্টত একলগে চাৰিটা ডিভাইচ চলাব পাৰিব।

চাৰিটা ডিভাইচত ডাটা ছিংক কৰিবলৈ ৱাইফাই কানেক্টিভিটি ব্যৱহাৰ কৰা হ’ব।

অৱশ্যে, WhatsAppৰ ফালৰ পৰা ৱাইফাইৰ সুবিধা লাভৰ পৰা বঞ্চিতসকলৰ বাবে বিকল্প ব্যৱস্থাৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে।

সদ্যহতে  WhatsApp বেটা ভাৰ্ছনত এই নতুন ফিচাৰ নচলিব যদিও পৰৱৰ্তী সময়ত তাৰো ব্যৱস্থা কৰাৰ ইংগিত দিছে WhatsAppয়ে।

বৰ্তমান WhatsAppত এটা ডিভাইচৰ বাহিৰে আন কোনো ডিভাইচ চলাব নোৱাৰি।মাত্ৰ ডুৱেল এপ্লিকেশ্যন ছাপোৰ্ট থকা এণ্ড্ৰইড মোবাইলত একেলগে দুটা WhatsApp চলাব পৰা যায়।

যি নহওক WhatsAppৰ আহিবলগীয়া নতুন ফিচাৰে প্ৰতিযোগিতামূলক বজাৰত গ্ৰাহকৰ বাবে যথেষ্ট সুবিধা আগবঢ়াইছে।

একেসময়তে এই ফিচাৰে প্ৰযুক্তিমূলক কামকাজত ক্ষিপ্ৰতা বৃদ্ধি কৰিব।