NORTHEAST NOW (Assamese)
অসম

বান সাহায্যৰ উদ্দেশ্যে ডিমাকুছিত ISL- I LEAGUE খেলুৱৈ বনাম বড়োলেণ্ড একাদশ প্ৰদৰ্শণীমুলক ফুটবল খেলৰ আয়োজন

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ July 11, 2022 5:34 pm
Assam Flood

বানবিধ্বস্ত অসমত প্ৰলয়ংকাৰী বানৰ কবলত পৰা জনসাধাৰণক সাহায্য প্ৰদানৰ উদ্দেশ্যে দেশৰ শীৰ্ষ ফুটবল প্ৰতিযোগিতা আই লীগ আৰু আই এছ এলৰ খেলুৱৈসকলে এখন চেৰিটি মেচত ভাগ ল’ব।

বিটিআৰ প্ৰশাসনৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ওদালগুৰী জিলাৰ ডিমাকুছি মিনি ষ্টেডিয়ামত অহা ১৭ জুলাইত এই প্ৰীতি খেলখন অনুষ্ঠিত হ’ব৷

আই এছ এল আৰু আই লীগৰ খেলুৱৈসকলৰ বিৰুদ্ধে মেচখনত অৱতীৰ্ণ হ’ব বড়োলেণ্ড অঞ্চলৰ স্থানীয় খেলুৱৈ সকলে।

আজি বিটিচি সচিবালয়ত এই কথা সদৰী কৰে বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৱে৷

উক্ত খেলখনৰ জৰিয়তে ক্ৰীড়া প্ৰেমী ৰাইজৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণিৰে অসমৰ বানপীড়িত ৰাইজক কিঞ্চিত সহায় কৰিবলৈ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

আই এছ এল/ আই লীগ খেলুৱৈ বনাম বড়োলেণ্ড একাদশৰ মাজত অনুষ্ঠিত হ’ব লগা এদিনীয়া প্ৰদৰ্শণীমুলক ফুটবলখনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে বুলি ডাওবৈচা বড়োৱে উল্লেখ কৰে৷

আই এছ এল খেলুৱৈৰ হৈ মেচখনত ভাগ ল’ব হলিচৰন নাৰ্জাৰী, দূৰ্গা বড়ো, বিনিত ৰায় আৰু বাওৰিংদাও বড়োসহ কেইবাজনো খেলুৱৈয়ে।