NORTHEAST NOW (Assamese)
অসম

নতুনকৈ ৪৩জনৰ দেহত কোভিড-১৯পজিটিভ; ৰাজ্যত ৩৯৪৩জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 14, 2020 12:56 pm
102 persons test COVID-19 positive in Tripura

ৰাজ্যত ৩৯৪৩ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৪৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-১৯ ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১৪ গৰাকী নগাওঁ, ১০ গৰাকী গোলাঘাট, যোৰহাটৰ দুগৰাকী, বাক্সাৰ দুগৰাকী, চিৰাঙৰ দুগৰাকী আৰু কাৰ্বি আংলং, ধেমাজি আৰু বঙাইগাঁওৰ এগৰাকীকৈ আক্ৰান্ত হৈছে।

বৰ্তমান ২১২৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু তাৰ বিপৰীতে ১৮০৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ আঠগৰাকী লোক মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত ২০৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি।

বৃহস্পতিবাৰৰ দিনটোত ১৪৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি।

যোৱা ১০ জুনত ২৩৫ গৰাকী লোক আক্ৰান্ত হৈছে।

মঙ্গলবাৰৰ দিনটোতে ২১৫ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ’না ভাইৰাছৰ উপস্থিতি।