NORTHEAST NOW (Assamese)
অসম

বীৰ লাচিত সেনাৰ তৎপৰতাত বঙালীৰ ঠাইত পুনৰ অসমীয়া ভাষাৰ জাননী আঁৰিবলৈ বাধ্য হ’ল বেংক কৰ্তৃপক্ষ

Posted by: পাৰ্শ্বজোতি গগৈ Updated by: পাৰ্শ্বজোতি গগৈ June 15, 2020 7:19 pm

শিৱসাগৰত ৰাষ্ট্ৰীয়কৃত এটা বেংকত বঙালী ভাষাৰ বেনাৰ পেষ্টাৰ অঁৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

কৰ্পোৰেচন বেংকৰ শিৱসাগৰ শাখাত এনেধৰণৰ বাঙালী ভাষাৰ জাননী অঁৰাক লৈ আজি বেংক কৰ্তৃপক্ষক জবাবদিহি কৰিলে বীৰ লাচিত সেনাই।

উল্লেখ যোগ্য যে, বেংকৰ কেতবোৰ নীতি নিয়ম সম্বলিত বাঙালী ভাষাৰ এখন জাননী পত্ৰ বেংকৰ দেৱালত আঁৰি থোৱাৰ কথা বীৰ লাচিত সেনাৰ কৰ্মী সকলে অৱগত হোৱাৰ পিছতে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নেতৃত্বত সংগঠনটোৰ কিছু সংখ্যক সদস্য শিৱসাগৰৰ এএছটিচি বাছ আস্থানৰ বিপৰীত দিশত থকা কৰ্পোৰেচন বেংকত উপস্থিত হয় আৰু বেংক কৰ্তৃপক্ষক জবাবদিহি কৰে।

বেংকটোৰ সঞ্চালক গৰাকীয়ে বীৰ লাচিত সেনাৰ সদস্য সকলৰ প্ৰশ্নৰ কোনোধৰণৰ উত্তৰ দিব নোৱাৰিলে।

বীৰ লাচিত সেনাৰ কৰ্মী সকলে বেংকৰ মেনেজাৰ জনক বাঙালী ভাষাত লিখা জাননী পত্ৰ খন আঁতৰাই তাৰ ঠাইত অসমীয়া ভাষাৰ জাননী পত্ৰ আঁৰাৰ বাবে নিৰ্দেশ দিয়ে।

বীৰ লাচিত সেনাৰ কৰ্মী সকলৰ দাবী মানি অৱশ্যে বেংকৰ কৰ্তৃপক্ষটোৱে প্ৰায় ১৫ মিনিটৰ ভিতৰত বাঙালী ভাষাত লিখা জাননী পত্ৰখন আঁতৰাই সেই স্থানত অসমীয়া ভাষাৰ জাননী পত্ৰ আঁৰিবলৈ বাধ্য হয়।

এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হোৱাৰ লগে লগে অসমত এচাম বহিঃৰাজ্যৰ বাঙালী লোকৰ অতপালি বাঢ়ি গৈছে বুলি উল্লেখ কৰে।

অসমত থকা নানা ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মৰত বহিঃৰাজ্যৰ কৰ্মচাৰীসকলে অসমীয়া ভাষাক এলাগী কৰি সম্পূৰ্ণ ৰূপে বাংলা ভাষা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলিও লগতে উল্লেখ কৰে।

‘’অসমীয়া ভাষাক ধ্বংস কৰাৰ যি যড়যন্ত্ৰ তাক ওফৰাই দিয়া হ’ব। অসমত থাকিলে বা ব্যৱসায় কৰিলে বা চাকৰি কৰিলেও অসমীয়া ভাষা কবই লাগিব, লিখিবই লাগিব আৰু নাজানিলে শিকিব লাগিব। অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে কোনো প্ৰতিষ্ঠানকো শান্তিত থাকিবলৈ দিয়া নহ’ব’’বীৰ লাচিন সেনাৰ সদস্য সকলে হুংকাৰ দিয়ে।