NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ এগৰাকী আৰক্ষী বিষয়াই পলুৱাই নিলে পৰস্ত্ৰী

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া June 15, 2020 10:09 pm

আনৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব লোৱা আৰক্ষীয়ে বেলেগৰ পত্নীক পলুৱাই নি গোচৰৰ সন্মুখীন হোৱা ঘটনাই গোলাঘাটত বিশেষ চর্চা লাভ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ৮ জুনত গোলাঘাট জিলাৰ পোৰাবাংলা নিবাসী চৰিফুৰ ৰহমান নামৰ ব্যক্তিজনে গোলাঘাট সদৰ আৰক্ষী থানাত আৰক্ষী বিষয়া ঋতু কুমাৰ বৰাই তেওঁৰ পত্নী মণি সোণোৱাল বেগমক অপহৰণ কৰি নি গোলাঘাট নগৰৰ শান্তিপুৰৰ এটা ভাড়াঘৰত আৱদ্ধ কৰি ৰখা বুলি এক অভিযোগ দিয়ে।

উক্ত অভিযোগৰ ভিত্তিত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৪৩ ধাৰাত ৩১৮/২০নম্বৰত এক গোচৰ ৰুজু কৰে আৰু লগে লগে অভিযান চলাই মহিলা গৰাকীক উদ্ধাৰ কৰে।

অভিযোগ অনুসৰি গোলাঘাট থানাৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীৰ সৈতে উক্ত মহিলাগৰাকীৰ দীৰ্ঘদিনিয়া সম্পৰ্ক আছিল। আৰু দুয়ো দুটাকৈ সন্তানৰ পিতৃ-মাতৃ।

কিন্তু সাত দিনৰ পূৰ্বেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু হ’ল যদিও গোলাঘাট আৰক্ষীয়ে তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে এই সংক্ৰান্তত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেশ্বৰৰ পৰা এই সংবাদদাতাই জানিব বিচৰাত বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ থকাত সমগ্ৰ বিষয়টোত ভালদৰে তদন্ত কৰাৰ পিছতহে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।