NORTHEAST NOW (Assamese)
অসম

গালৱানত প্ৰাণ দিলে ২০ ভাৰতীয় সৈন্যই ||শেহতীয়া আপডেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 11:36 pm
20 Indian soldiers martyred in Ladakh face-off

এগৰাকী বিষয়াকে ধৰি মুঠ ২০ গৰাকী ভাৰতীয় সৈন্যই গালৱানত যোৱা নিশা চীনা সৈন্যৰ সৈতে সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে।

ভাৰতীয় সেনাই মঙলবাৰে নিশা জাৰি কৰা বিবৃতি মতে কৰ্তব্যস্থলীত গুৰুতৰভাৱে আঘাত পোৱা ১৭গৰাকী ভাৰতীয় সেনাই প্ৰাণ ত্যাগ কৰিছে।

কৰ্নেল সন্তোষ বাবুকে ধৰি তিনিজন সৈন্যই প্ৰাণ হেৰুওৱাৰ বাতৰি ইতিমধ্যে প্ৰকাশিত হৈছে।

ভাৰতীয় সেনাই নিজৰ বিবৃতিত কয় যে ভাৰতীয় সেনা ভৌগোলিক অখণ্ডতা আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিজ্ঞাবদ্ধ।

লগতে পঢ়ক–  চীনে ১৯৯৩, ১৯৯৬, ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে চিফ অৱ ডিফেন্স ষ্টাফ আৰু সৈন্যবাহিনীৰ তিনিওটা বাহিনীৰ মুৰব্বীসকলৰ পৰা লাডাখ সীমান্তৰ অভিযানগত পৰিস্থিতিৰ বুজ লয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গৃ্হ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনাবাহিনীৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছে।