NORTHEAST NOW (Assamese)
অসম

জোৱানসকলৰ বলিদান অথলে নাযায়: দেশক সম্বোধন প্ৰধান মন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2020 8:34 pm

জোৱানসকলৰ বলিদান অথলে নাযায়, লাডাখত চীনা সৈন্যৰে সংঘাতত প্ৰাণ দিয়া ভাৰতীয় সৈনিকসকলকৈ শ্ৰদ্ধা জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয়।

“দেশক ভৰসা দিব খোজো আমাৰ জোৱানসকলৰ বলিদান ব্যৰ্থ নহয়, আমাৰ কাৰণে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সৰ্বোচ্চ আৰু ইয়াক ৰক্ষা কৰাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে,” প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

তেওঁ কয় যে ভাৰতে শান্তি বিচাৰে আৰু মতভেদ বিবাদত পৰিণত নোহোৱাৰ কাৰণে সদায়ে চুবুৰীয়া দেশসমূহৰ সৈতে সহযোগিতা কৰি আহিছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে ভাৰতে কাকো উচতনি নিদিয়ে, কিন্তু দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সৈতে বুজাবুজিও নকৰে।

“কিন্তু উচতালে ভাৰতে সকলো অৱস্থাতে যথোচিত উত্তৰ দিবলৈ সক্ষম,” তেওঁ কয়।

তেওঁ কয় যে স্থিতি যিয়ে হওক, পৰিস্থিতি যিয়ে হওক, ভাৰতে পুৰা দৃঢ়তাৰ সৈতে দেশৰ এক এক ইঞ্চি মাটি, দেশৰ স্বাভিমান ৰক্ষা কৰিব।

বুধবাৰে মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠিত বৈঠকৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক এই সম্বোধন কৰে।

লাডাখত প্ৰাণ দিয়া ছহিদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

এই সময়ত সকলো দেশবাসী তেওঁলোকৰ কাষত আছে, তেওঁ কয়।