NORTHEAST NOW (Assamese)
Popular Stories

চীনে মুকলি কৰি দিলে ১০ গৰাকী ভাৰতীয় জোৱানক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 2:56 pm

চীনা সৈন্যৰ কৱলত থকা ১০ গৰাকী ভাৰতীয় সৈন্যক বৃহস্পতিবাৰে নিশা এৰি দিয়া বুলি বিভিন্ন সূত্ৰত প্ৰকাশিত বাতৰিৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা সোমবাৰে নিশা ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱান ছহিদ হৈছিল।

এই সংঘৰ্ষটোত ৪৩ গৰাকী চীনা সৈ্ন্য নিহত হোৱাৰ লগতে চীনৰ সেনাই ভাৰতীয় সেনাৰ ১০ গৰাকী জোৱানক বন্দী কৰি নিয়া বুলিও বিভিন্ন খবৰ ওলাইছিল।

ইফালে ভাৰতীয় সেনাৰ দুজন বিষয়াসহ ১০ গৰাকী জোৱান চীনত বন্দী হৈ থকা বুলি ওলোৱা খবৰক সম্পূৰ্ণ মিছা বুলি কৈছিল ভাৰতীয় সেনাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে ভাৰত-চীনৰ মেজৰ জেনেৰেল পৰ্যায়ৰ আলোচনাৰ পিছতেই চীনৰ কৱলত থকা ভাৰতীয় সৈন্য কেইজনক মুকলি কৰি দিয়ে।

এই পৰ্যন্ত কিন্তু ভাৰত চৰকাৰ তথা ভাৰতীয় সেনাই এই বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই।

সেনাৰ সূত্ৰৰ পৰা জানিব পৰা মতে সোমবাৰে গলৱান উপত্যকাত সংঘটিত সংঘৰ্ষটোত ৭৬ গৰাকী ভাৰতীয় জোৱান আঘাতপ্ৰাপ্ত হৈছিল। বৰ্তমান আটাই কেইজন সম্পূৰ্ণ সুস্থ বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।