NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাটৰ চেলেংহাটত পুখুৰীত উদ্ধাৰ হ’ল মহিলাৰ মৃতদেহ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 19, 2020 3:16 pm

যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চেলেং হাটখোলাৰ এটা পুখুৰীৰ পৰা যোৱা নিশা মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃত মহিলা গৰাকীক বন্দনা বাউৰী বুলি চিনাক্ত কৰা হয়।

পিছত ঘটনাৰ খবৰ পাই চেলেংহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। পৰিয়ালৰ লোকে তথা স্থানীয় ৰাইজে মহিলাগৰাকীক নিজৰ স্বামীয়ে হত্যা কৰি পুখুৰীত পেলাই থোৱা বুলি সন্দেহ কৰিছে।

ইপিনে মৃতদেহ কঢ়িওৱা বাহন নোহোৱাত আৰক্ষীয়ে থেলাতে মৃতদেহটো কঢ়িয়াব লগা হয়। থেলাত মৃতদেহ কঢ়িওৱাক লৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ঘটনাটোৰ সম্পৰ্কত কাকো আটক কৰা নাই।