NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় চহৰৰ মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 7:20 pm
Assam CM Sonowal visits FAAMCH in Barpeta, takes stock of readiness to fight COVID-19

ডিব্ৰুগড় চহৰৰ মোহনঘাটত হোৱা খহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগ তথা ডিব্ৰুগড় জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজক আস্থাত লৈ পদক্ষেপ গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে এই খহনীয়া প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত খহনীয়া প্ৰতিৰোধী সামগ্ৰী ইয়াৰ নিকটৱৰ্তী স্থানত মজুত কৰি ৰখাৰ বাবেও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে এই খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজন হ’লে দিনে-নিশাই চিফটিং ভিত্তিত কাম কৰাৰ বাবেও নিৰ্দেশ দিয়ে যাতে এই অঞ্চলৰ জনসাধাৰণ সুৰক্ষিত হৈ থাকে।

সোণোৱালে লগতে খহনীয়া প্ৰৱণ এলেকাত অহৰ্নিশে চোকা নিৰীক্ষণ কৰাৰ বাবেও নিৰ্দেশ যাতে সময় সাপেক্ষভাৱে ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

উল্লেখযোগ্য যে, ডিব্ৰুগড় চহৰৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰই কৰা খহনীয়াই সমগ্ৰ ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।