NORTHEAST NOW (Assamese)
অসম

নিজৰ ডায়েৰীত সুশান্ত সিং ৰাজপুতৰ বিষয়ে লিখি লিখি আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2020 7:38 pm
নিজৰ ডায়েৰীত সুশান্ত সিং ৰাজপুতৰ বিষয়ে লিখি লিখি আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে

পোৰ্ট ব্লেয়াৰট এগৰাকী ১৫ বছৰীয়া যুৱতীয়ে বুধবাৰে আত্মহত্যা কৰে।

আত্মহত্যা কৰা পোন্ধৰ বছৰীয়া যুৱতী গৰাকীয়ে অলপতে মৃত্যু হোৱা বলিউদৰ প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

‘‘পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি যুৱতী গৰাকীয়ে বিগত কিছুদিন ধৰি মানসিক চাপত ভূগি আছিল আৰু মৃত্যুৰ পূৰ্বে নিজৰ ডায়েৰীত সুশান্ত সিং ৰাজপুতৰ বিষয়ে লিখি আছিল,’’ আন্দামান আৰু নিকোবৰৰ ডিজিপি দিপেন্দ্ৰ পাঠকে এইদৰে কয়।

‘’মৃত্যুৰ পূৰ্বে নিজৰ ডায়েৰীত সুশান্তৰ বিষয়ে লিখি থকা কথাটোৱে যুৱতী গৰাকীয়ে অভিনেতা গৰাকীক বহুত ভাল পাইছিল সেই কথা প্ৰকাশ কৰিছে,’’ পাঠকে লগতে কয়।

উল্লেখযোগ্য যে, মানসিত চাপত ভূগি বলিউদৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে অলপতে মুম্বাইৰ নিজৰ বাসগৃহত আত্মহত্যা কৰিছিল।

সুশান্তৰ মৃত্যুৰ পাছতে বলিউদ জগতত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছিল।

বহু অভিনেতা-অভিনেত্ৰীয়ে বলিউদ চলচ্চিত্ৰ জগতৰ আভ্যন্তৰত চলি থকা লেতেৰা ৰাজনীতিৰ বাবেই সুশান্ত আত্মহত্যা কৰিবলগীয়া হ’ল বুলি মন্তব্য কৰিছে।