NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নিৰ্মাণ হ’ব আৰক্ষীৰ অত্যাধুনিক আৱাস

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 19, 2020 8:05 pm
Assam police to construct modern residential complex for its personnel in Bokakhat

বোকাখাতৰ থানা চৌহদত আৰক্ষীৰ বাবে নিৰ্মাণ হ’ব ২.৫০ কোটি টকা ব্যয়েৰে অত্যাধুনিক আৱাস।

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই শুকুৰবাৰে বোকাখাত আৰক্ষী থানাত স্থানীয় সাংবাদিকৰে হোৱা এক সৌজন্যমূলক বাৰ্তালাপত এই  কথা সদৰী কৰে৷

এই আৱাসিক প্ৰকল্পৰ কাম গোলাঘাট জিলাৰ আটাইকেইটা মহকুমাতে হ’ব বুলিও তেওঁ জনায়৷

গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ বুলি অহা সঞ্চালকপ্ৰধানগৰাকীয়ে বোকাখাতৰ সাংবাদিকৰ এক সঁজাতি দলৰ সৈতে সৌজন্যমূলক বাৰ্তালাপ কৰে৷

বোকাখাত মহকুমাৰ সমূহ  সাংবাদিকৰ হৈ জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰজখোৱা, বুবুল দত্ত, নীলু আচাৰ্য্য আৰু উত্তম শইকীয়াই কভিড-১৯ সংক্ৰমণ প্ৰতিৰোধত অসম আৰক্ষীয়ে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সঞ্চালকপ্ৰধানগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷

সৌজন্যমূলক আলোচনাটোত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বিৰাজ ৰাজখোৱাও উপস্থিত আছিল৷