NORTHEAST NOW (Assamese)
অসম

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2021 1:19 pm
WhatsApp Image 2021-02-26 at 12.44.26 PM

আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰি থকা ভাৰতীয়সকলৰ বাবে সুখৱৰ। প্ৰবাসী নীতি সলনি কৰা হৈছে। গ্ৰীণ কাৰ্ডক লৈ ইমানদিনে ট্ৰাম্পে যি বাধাৰ সৃষ্টি কৰিছিল জো বিডেনে সেয়া আঁতৰাব বিচাৰিছে।

জো বিডেনৰ এই সিদ্ধান্তই আমেৰিকাত থকা ভাৰতীয়সকলৰ মনত সকাহ আনি দিছে। বিশেষ কৰি তথ্য-প্ৰযুক্তি খণ্ডত কাম কৰা সকলৰ বাবে এয়া এক আশাৰ বতৰা। তেওঁলোকৰ বেছিভাগেই H-1B ভিছা লৈ আমেৰিকালৈ গৈছিল আৰু তাতেই বহুবছৰ ধৰি চাকৰি কৰি আছে।

কৰ’না পৰিস্থিতিৰ সময়ত গ্ৰীণ কাৰ্ড ইছ্যুৰ ওপৰত তদানীত্বন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিষেধাজ্ঞা জাৰি কৰিছিল। তেতিয়া প্ৰায় ১ লাখৰো অধিক লোকৰ প্ৰিফাৰেন্স ভিছা অকামিলা হৈ পৰিছিল।

চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি কেইটামান নিৰ্দিষ্ট বৃত্তিৰ লোকৰ বাহিৰে আমেৰিকাত বছৰ বছৰ ধৰি বসবাস কৰা আন বৃত্তিৰ লোকৰ গ্ৰীণ কাৰ্ড স্থগিত কৰি দিয়া হৈছিল।

প্ৰথমতে ৬০ দিনৰ বাবে সেয়া বন্ধ কৰাৰ কথা আছিল কিন্তু সেই প্ৰক্ৰিয়া আকৌ কেতিয়া আৰম্ভ হ’ব তাক লৈ অনিশ্চয়তাই বিৰাজ কৰিছিল। সেইদৰে লক্ষাধিক ভাৰতীয় লোক সমস্যাৰ সন্মুখীন হৈছিল।

জো বিডেনে ক্ষমতালৈ অহাৰ পূৰ্বে গ্ৰীণ কাৰ্ড ইছ্যুক লৈ প্ৰতিশ্ৰুতি দিছিল। এইবাৰ ক্ষমতা লাভৰ পাছত সেয়া তেওঁ পূৰণ কৰিলে।

বিডেনে ট্ৰাম্পৰ প্ৰবাসী নীতি প্ৰত্যাহাৰ কৰি ইয়াৰ আধুনিকীকৰণৰ কথা কৈছে। মাৰ্কিন কংগ্ৰেছলৈ এই সন্দৰ্ভত  বিধেয়ক প্ৰেৰণ কৰা হৈছে।

ইপিনে, নথি অবিহনে আমেৰিকাত যিসকলে বসবাস কৰি আছে তেওঁলোককো নাগৰিকত্ব দিয়াৰ সুযোগৰ কথা বিধেয়কত কোৱা হৈছে। গ্ৰীণ কাৰ্ডৰ সময়সীমা হ্ৰাস কৰাৰ লগতে গ্ৰীণ কাৰ্ডৰ আবেদনকাৰীৰ বয়সৰ সৰ্বোচ্চ সীমাক লৈয়ো কোনো বাধ্যবাধকতা ৰখা হোৱা নাই।