NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত নিহত অসমৰ ব্যক্তি : পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 3, 2025 8:30 pm
অৰুণাচল প্ৰদেশত নিহত অসমৰ ব্যক্তি : পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ

অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকা জিলাত অৱস্থিত পাগলাম গাঁৱত কৰ্মৰত অৱস্থাত অসমৰ এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ভুক্তভোগী ব্যক্তিগৰাকীৰ নাম ধনেশ দলে আৰু তেওঁৰ ঘৰ জোনাইত। কৰ্মসূত্ৰ অৰুণাচল প্ৰদেশৰ পাগলামলৈ গৈছিল ধনেশ দলে।

শেহতীয়াকৈ ধনেশে স্থানীয় এক বিবাহ বিবাদৰ মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছিল।

পৰিয়ালৰ মতে সেইবাবেই তেওঁক আক্ৰমণ কৰা হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল।

তেওঁৰ আত্মীয়ই এই হত্যাকাণ্ড পৰিকল্পিতভাৱে হোৱা বুলি দাবী কৰি অৰুণাচল প্ৰদেশত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

শনিবাৰে নিশা ধনেশ দলেৰ পৰিয়ালে জোনাই থানাত এফআইআৰ দাখিল কৰি ৭জন সন্দেহযুক্ত লোকৰ নাম উল্লেখ কৰে, ইয়াৰে পাঁচজন অৰুণাচলৰ আৰু দুজন জোনাইৰ ।আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক চিনাক্ত কৰি প্ৰমাণ সংগ্ৰহৰ বাবে কাম কৰি আছে।