NORTHEAST NOW (Assamese)
অসম

নতুন বৰ্ষত চাকৰিয়ালৰ বাবে ৩৫ দিনৰ চৰকাৰী বন্ধ; সীমিত বন্ধ ৩১ দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2019 7:45 pm
Assam Cabinet

মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ২০২০ বৰ্ষৰ বাবে ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰী বন্ধৰ উপৰিও কেবিনেট বৈঠকত কাৰখানা আৰু উদ্যোগ সমূহত কাম কৰা মহিলাৰ বাবে চেনিটেৰী নেপকিন ৰখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মূলত কাম কৰা মহিলা সকলৰ স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰে চেনিটাৰী নেপকিন ৰখাটো বাধ্যতামূলক কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে, বৈঠকত ফাইনেন্সিয়েল অট’নমি টু ভেটেনাৰী ফাৰ্মছ নীতি, পিগ ব্ৰিডিং পলিচি সম্পৰ্কতো সিদ্ধান্ত লোৱা হয়।

তদুপৰি, গোটাৰি ফাৰ্মিং পলিচি, আসাম বেম্ব’ এণ্ড কেন পলিচি সম্পৰ্কটো কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ লগতে যোৰহাটস্থিত ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট টিছু কালচাৰ উন্নীতকৰণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজ্য চৰকাৰে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ফৰেষ্ট নাৰ্চাৰীৰটো টিছু কালচাৰৰ জৰিয়তে বেম্ব’ উৎপাদনৰ দিশত পদক্ষেপ লোৱাৰ বিভিন্ন পদক্ষেপ লোৱা হয় বুলি জানিব পৰা গৈছে।