NORTHEAST NOW (Assamese)
অসম

আম্পায়াৰৰ ভুল সিদ্ধান্তই কাল হ’ল ক্ৰিকেটাৰৰ! ড্ৰেছিংৰুমত হাৰ্ট এটেকত সাৱটিলে মৃত্যুক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2019 7:54 pm
cricket-ball-bat নতুন

ক্ৰিকেট খেল চলি থকা সময়তে হাৰ্ট এটেক হৈ মৃত্যু ঘটাৰ ঘটনাই হায়দৰাবাদত এতিয়াও শোকৰ ছাঁ পেলাইছে।

আউট হোৱাৰ পাছত পেভলিয়নলৈ উভতাৰ পথত মৃত্যুক আকোৱালি ল’লে হায়দৰাবাদৰ ক্ৰিকেটাৰ বীৰেন্দ্ৰ নায়কে।

জানিব পৰা মতে, আম্পায়াৰৰ সিদ্ধান্তত হতাশ হৈ ৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ হাৰ্ট এটেক হোৱাৰ কথা প্ৰকাশ পাইছে। দেওবাৰে দুপৰীয়া সংঘটিত এই ঘটনাই ক্ৰীড়া মহলত শোকৰ ছাঁ বিয়পাইছে।

হায়দৰাবাদৰ এ থ্ৰী ডিভিজনৰ লীগ মেচ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। হায়দৰাবাদৰ মাৰদপল্লী স্পৰ্টিং ক্লাৱৰ ক্ৰিকেটাৰ বীৰেন্দ্ৰ নায়কে প্ৰতিদ্বন্দ্বী ক্লাৱ মাৰদপল্লী ব্লুজৰ বিৰুদ্ধে ৬৬ৰাণৰ এক অনবদ্য ইনিংছ খেলে।

ইয়াৰ পাছতে আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বলি হয় নায়ক। আউট হৈ পেভলিয়নলৈ উভতি ড্ৰেছিংৰুমত বহি তেওঁ খেল চাই আছিল ।

সতীৰ্থ খেলুৱৈয়ে জানিবলৈ দিয়ে যে হতাশাত তেওঁ দেৱালত মূৰটো মাৰি দিয়ে। তাৰ পাছতে অসুস্থ হৈ তেওঁ মাটিত ঢলি পৰে।

ততাতয়াকৈ তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় যদিও জীৱন ৰক্ষা নহ’ল নায়কৰ।

পৰিয়ালৰ লোকে জানিব দিয়ে যে ক্ৰিকেটাৰ বীৰেন্দ্ৰ হৃদৰোগী আছিল। তেওঁ নিয়মিত ইয়াৰ বাবে ঔষধো সেৱন কৰিব লাগে।

আম্পায়াৰৰ সিদ্ধান্ত কোনো কাৰণতে মানি ল’ব পৰা নাছিল বীৰেন্দ্ৰই। ক্ৰিকেটাৰ গৰাকীৰ এনে আকস্মিক মৃত্যুত ক্লাৱটোৰ সতীৰ্থ খেলুৱৈ আৰু পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।