NORTHEAST NOW (Assamese)
অসম

বেষ্টনী ভাঙি পলাইছে অভিযুক্ত! দেৱব্ৰত শইকীয়াৰ পৰামৰ্শ, ‘আৰক্ষীক দিয়ক কাবাডী প্ৰশিক্ষণ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2023 7:47 pm
encounter in Assam

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে এনকাউণ্টাৰ আতংক। অসম আৰক্ষীয়ে ইটোৰ পিছত সিটোকৈ যোৱা তিনিদিনত কৰা এনকাউণ্টৰক লৈ তোলপাৰ লাগিছে ৰাজ্য।

অসম আৰক্ষীৰ‘এনকাউণ্টাৰ’ৰ এনে ক্ৰমবৰ্ধমান ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক তীব্ৰ কটাক্ষ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

আৰক্ষীৰ বেষ্টনী ভাঙি অভিযুক্তই পলায়নৰ চেষ্টা কৰাৰ বাবে এনকাউণ্টাৰৰ আশ্ৰয় লোৱা বুলি অসম আৰক্ষীয়ে আত্মপক্ষ সমৰ্থনত যুক্তি দৰ্শাই আহিছে।

আৰক্ষীৰ এনে যুক্তিক কটাক্ষ কৰি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ৰাজ্যৰ আৰক্ষী জোৱানসকলক কাবাডী প্ৰশিক্ষণৰ পৰামৰ্শ আগবঢ়াইছে।

দেৱব্ৰত শইকীয়াৰ মতে, কাবাডী প্ৰশিক্ষণে অসম আৰক্ষীৰ কৰ্মীসকলক তেওঁলোকৰ জিম্মা ভাঙি ধৃত অভিযুক্তই পলায়ন কৰাত বাধা দিব পৰা দক্ষতা আহৰণ কৰাত সহায় কৰিব।

তেওঁ লগতে আৰক্ষীৰ এনে এনকাউণ্টাৰক অবৈধ আখ্যা দি অসমত সংঘটিত হোৱা এনে ন্যায়িক বহিৰ্ভূত হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে ২০২১ চনৰ মে’মাহৰ পৰা অসমত প্ৰায় ২০০ টা এনকাউণ্টাৰ সংঘটিত হৈছে। আৰক্ষীৰ এনে এনকাউণ্টাৰত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো।

শনিবাৰে নিশা উজনিত আৰক্ষীৰ এনে এনকাউণ্টাৰত চাৰিজনকৈ যুৱক আহত হয়। আনহাতে দেওবাৰেও আৰক্ষীৰ এনকাউণ্টাৰত বাইহাটাত আন এজন যুৱক আহত হয়।