NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত বিজেপিৰ প্ৰাৰ্থী হ’ব কামাখ্যা প্ৰসাদ তাছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 7:15 pm
bjp-mp-kamakhya-prasad-tasa_

অসমৰ পৰা খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখনত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আনখন আসনত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব যোৰহাট সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাই। আজি বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰে।

ৰাজ্যসভাৰ আসন দুখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰি ইতিমধ্যে বিজেপিৰ বহু শীৰ্ষ নেতাই আৱেদন জনাইছিল যদিও অৱশেষত বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে আসনখনৰ বাবে চূড়ান্ত কৰিলে কামাখ্যা প্ৰসাদ তাছাৰ নাম। প্ৰাৰ্থিত্ব বিচাৰি আৱেদন জনোৱা সকলৰ মাজত আছিল ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই, গুৱাহাটীৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, যোৰহাটৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন বহুতো।

ইফালে মিত্ৰতাৰ খাতিৰত বিজেপিয়ে এৰি দিয়া এখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।

উল্লেখ্য যে অহা ১৪ জুনত ৰাজ্যসভাৰ দুখন আসন খালী হ’ব আৰু ইয়াৰ বাবে ৭ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইতিমধ্যে দুয়োখন আসন বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে।