NORTHEAST NOW (Assamese)
অসম

গাখীৰ নে বৰবিহ : গাখীৰৰ নামত আপুনিও খাইছে নেকি ডিটাৰজেন্ট?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 6:56 pm
milk Milk gets costlier than diesel in Pakistan

আপুনি গাখীৰ খাই ভাল পায় নেকি? আপোনাৰ শিশুটিক এগিলাচ গাখীৰ আগবঢ়াই দি শক্তি বৃদ্ধিৰ লগতে মন, মগজুৰ বিকাশ হ’ব বুলি নিশ্চিত ধাৰণা লৈ আছে নেকি? হয়, গাখীৰ নহ’লে আমাৰ নচলেই। গাখীৰ দিয়া গোলাপী ৰঙৰ চাহকাপৰ সোৱাদ ল’বলৈ কাৰনো মন নাযায়? পিচে, সাৱধান। বজাৰৰ পৰা গাখীৰ কিনোতে আপুনিও ভেজাল গাখীৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

অসমৰ লগতে গোটেই দেশতে গাখীৰৰ চাহিদা বৃদ্ধি পোৱালৈ চাই গাখীৰ বিক্ৰেতাসকলে গাখীৰত ভেজাল কৰাৰ মাত্ৰা অত্যন্ত বৃদ্ধি পাইছে। চাহিদা আৰু যোগানৰ মাজত আহি বৃহৎ ব্যৱধানৰ সুযোগ গ্ৰহণ কৰি গাখীৰ ব্যৱসায়ীসকলে অধিক লাভৰ লক্ষ্যৰে ভেজালকৰণৰ আশ্ৰয় লৈছে।

অলপতে, ডেইৰী প্ৰকল্পত চলোৱা এক তালাচী অভিযানত পোহৰলৈ আহিছে যে পেকেজড গাখীৰ সাধাৰণতে গাখীৰ, বগা ৰং আৰু ডিটাৰজেন্টৰ মিশ্ৰণহে। আপুনি যদি পেকেজড গাখীৰ ক্ৰয় কৰিছে, তেনেহ’লে গাখীৰৰ নামত আপুনি ডিটাৰজেন্ট খোৱাৰ সম্ভাৱনা আছে।

milk_1539173259
গাখীৰ কিমান নিৰাপদ? ফটো : ইন্টাৰনেটৰ সৌজন্যত

শেহতীয়াকৈ বাৰাণসীৰ এটা ডেইৰী প্ৰকল্পত ৰাজ্যখনৰ খাদ্য সুৰক্ষা বিভাগে  তালাচী চলাইছিল আৰু দহ হেজাৰ লিটাৰতকৈয়ো অধিক ডিটেৰজেন্ট মিহলি গাখীৰ জব্দ কৰে। ‘পিউৰ ডেইৰী ছল্যুশ্যন’ নামৰ কোম্পানীটোৱে চলোৱা প্ৰকল্পটোৰ ‘কাশী সংযোগ’ নামৰ ব্ৰেণ্ডৰ গাখীৰ বজাৰত মেলি দিয়া হয়। তালাচীৰ সময়ত আৱিস্কাৰ হয় যে এই গাখীৰত কাপোৰ ধোৱা ডিটাৰজেন্ট, য়ুৰিয়া আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়।

ব্যাপক তালাচী অভিযানত এই কথা পোহৰলৈ আহিছে যে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পাঞ্জাৱৰ বেছিভাগ ডেইৰী প্ৰকল্পতে গ্ৰীষ্মৰ সময়ত গাখীৰৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে ভেজাল দ্ৰব্য মিহলাই উৎপাদন বৃদ্ধি কৰা হয়।

যোৱা বছৰ পাতিয়ালাৰ এটা বৃহৎ ডেইৰী প্ৰকল্পত আৰক্ষীয়ে তালাচী চলাই সাতহাজাৰতকৈয়ো অধিক লিটাৰ ভেজাৰ গাখীৰ জব্দ কৰে। এই গাখীৰত ডিটাৰজেন্ট মিহলি কৰা হৈছিল। ইয়াৰ লগতে ৰাসায়নিক পদাৰ্থ মিহলোৱা ৩২৩ বস্তা পাউদাৰ গাখীৰো জব্দ কৰা হৈছিল।

আশ্চৰ্যজনকভাৱে, দেশৰ ৰাজধানী নতুন দিল্লীতো দিল্লী খাদ্য সুৰক্ষা বিভাগে অধিকাংশ গাখীৰৰ নমুনা পৰীক্ষা কৰি ইয়াক খোৱাৰ বাবে উপযোগী নহয় বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ পশু কল্যাণ পৰিষদৰ সদস্য মোহন সিং আহুৱালিয়াই কৈছিল যে দেশত বিক্ৰী হোৱা গাখীৰ আৰু আন গাখীৰৰ পৰা উৎপন্ন সামগ্ৰীৰ ৬৮.৭ শতাংশই ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই বান্ধি দিয়া মানদণ্ডৰ ভিতৰত নপৰে। আহুৱালিয়াই লগতে সদৰী কৰিছিল যে ভেজাল গাখীৰ তথা গাখীৰ পৰা উৎপন্ন সামগ্ৰীত সাধাৰণতে ডিটাৰজেন্ট, কষ্টিক ছডা, গ্লুক’জ, বগা ৰং আৰু ৰিফাইন তেল ব্যৱহাৰ কৰা হয়।