NORTHEAST NOW (Assamese)
অসম

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা,যমুনাক গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2019 4:13 pm
Lovlina and Jamuna

ৰাছিয়াত অলপতে অনুষ্ঠিত হোৱা এ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমৰ দুই তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই আৰু যমুনা বড়োক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয়।

ক্ৰীড়া প্ৰেমীসকলে অসমৰ দুই তাৰকাক আদৰণি জনোৱাৰ উদ্দেশ্যে বেনাৰ পোষ্টাৰ লৈ বিমান বন্দৰৰ বাহিৰত ভিৰ কৰে।

দুয়োগৰাকী খেলুৱৈ বিমান বন্দৰৰ বাহিৰলৈ ওলাই অহাৰ লগে লগে অনুৰাগীসকলে ফুলাম গামোছা, আৰণাই, ফুলৰ থোপা আৰু ফুলাম জাপিৰে সৈতে খেলুৱৈ দুগৰাকীক আদৰণি জনায়।

উল্লেখযোগ্য যে, ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলিনাই ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ব্ৰঞ্জৰ পদক দখল কৰে। লাভলিনাই বিগত বৰ্ষতো প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাখনত অংশ লোৱা যমুনা বড়োই ৫৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবাঢ়াই দেশৰ বাবে ব্ৰঞ্জৰ পদক দখল কৰে।

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত দুয়োগৰাকী খেলুৱৈৰ সফলতাই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী সকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।