NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে উচ্চতম ন্যায়ালয়ত তিনি মাহ সময় বিচাৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ August 28, 2018 8:17 am
Assam-gram-panchayat-election-570x320

উচ্চতম ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ৩ মাহ সময় বিচাৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈ আয়োগে এই সময় বিচাৰি প্ৰাৰ্থনা জনাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল ইতিমধ্যে উকলি গৈছে। এইদৰে কাৰ্যকাল উকলি যোৱা পঞ্চায়তসমূহৰ দায়িত্ব অৰ্পণ কৰা হৈছে জিলাৰ উপায়ুক্ত আৰু কাৰ্যবাহী বিষয়াসকলৰ হাতত।

আনহাতে, উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময় ৩০ জুনৰ পৰা ৩০ জুলাইলৈ পিছুৱাই দিয়াৰ লগতে বৰাক উপত্যকা আৰু গোলাঘাট, হোজাই আদি জিলাত বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উচ্চতম ন্যায়ালয়ে  দিয়া সময়মতে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন পাতিব নোৱৰাৰ কাৰণ দেখুৱাইছে।

উক্ত দুয়োটা কাৰণৰ বাবে পঞ্চায়ত নিৰ্বাচন ১৫ ছেপ্টেম্বৰৰ ভিতৰত পাতিব নোৱৰাত এতিয়া আৰু ৩ মাহ সময় বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰাৰ্থনা জনোৱা হৈছে। সেই মৰ্মে ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা প্ৰাৰ্থনা গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অহা ১৫ ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

ইপিনে অহা বছৰ মাৰ্চ-এপ্ৰিলৰ ভিতৰত দেশত লোক সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়েহে লোকসভা নিৰ্বাচনৰ লগতে এন আৰ চিৰ কাম কাজৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিবনে নাই সেয়া সময়েহে ক’ব। বৰ্তমান এন আৰ চিৰ কামত ৰাজ্যৰ প্ৰায় ৫০ হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে।

তদুপৰি, ৰাজনৈতিক দলবোৰেও পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈ নুঠাৰ বাবে এই বিষয়ত বিশেষ সৰৱ হৈ পৰা পৰিলক্ষিত হোৱা নাই।