NORTHEAST NOW (Assamese)
অসম

মাওলিংনঙৰ দৰে এখন পৰিষ্কাৰ আৰু সুন্দৰ মাজুলী গঢ়াৰ উদ্যোগ গাঁওবাসীৰ

Posted by: মিটু খাটনিয়াৰ June 12, 2018 12:18 pm
মাওলিংনঙৰ দৰে এখন পৰিষ্কাৰ আৰু সুন্দৰ মাজুলী গঢ়াৰ উদ্যোগ গাঁওবাসীৰ

প্ৰকৃতিৰ অনবদ্য সৃষ্টি নদী দ্বীপ মাজুলীৰ প্ৰাকৃতিক পৰিবেশ পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ আৰু মাজুলীক এখন প্লাষ্টিকমুক্ত জিলা হিচাপে গঢ় দিবলৈ মাজুলীৰ গাঁওবাসীয়ে লৈছে নিজা উদ্যোগ।

মাজুলীৰ প্ৰতিখন গাঁৱকে যাতে এছিয়াৰ ভিতৰতে পৰিষ্কাৰ গাঁও মাওলিংনং ৰূপে গঢ়ি তুলিবলৈ পাৰে তাৰ বাবে গাঁৱে-গাঁৱে ডেকা বুঢ়া  সকলো নামি পৰিছে স্বচ্ছতাৰ অভিযানত।

এইয়া মাজুলীৰ দেওদিআটী গাঁও। প্ৰভাতি পুৱাতে নিতৌ গাঁওবাসীয়ে গাঁওখন পৰিস্কাৰ কৰে। প্ৰতিদিনে হাতে হাতে ঝাড়ু লৈ ডেকা বুঢ়া সকলো নামি পৰে গাঁও তথা অঞ্চলটো পৰিস্কাৰৰ কামত।

গাঁওবাসীৰ সন্মিলিত প্ৰচেষ্টাত এতিয়া মাজুলীৰ অন্যতম পৰিস্কাৰ গাঁও হিচাপে জিলিকি পৰিছে দেওদিআটী গাঁও। অঞ্চলটোৰ সকলোৱে নিজৰ অঞ্চলত স্বচ্ছতাৰ বিষয়ে জনসজাগতা সৃষ্টি কৰি এখন নিৰ্মল, নিকা, স্বচ্ছ অঞ্চল হিচাপে গঢ়ি তুলিবলৈ হাতে-কামে লাগি পৰিছে।

ইয়াৰ উপৰি গাঁওবাসীয়ে গছপুলি ৰোপণৰ লগতে নলা-নৰ্দমা ইত্যাদি চাফা কৰি গাঁওখনলৈ এক নতুন ৰূপ আনিবলৈ সক্ষম হৈছে।