NORTHEAST NOW (Assamese)
অসম

‘স্বচ্ছ’ ভাৰত অভিযান: বোকাখাতত প্ৰশাসনৰ উদ্যোগত মিনি মাৰাথন

Posted by: উত্তম শইকীয়া September 30, 2018 4:01 pm
‘স্বচ্ছ’ ভাৰত অভিযান: বোকাখাতত প্ৰশাসনৰ উদ্যোগত মিনি মাৰাথন

‘স্বচ্ছ’ ভাৰত অভিযানৰ ‘স্বচ্ছতা’ই সেৱা ২০১৮ কাৰ্য্যসূচীৰ অধীনত দেওবাৰে পুৱা প্ৰশাসনে  কুৰুৱাবাহী তিনিআলিৰ পৰা বোকাখাত ৰাজহুৱা খেলপথাৰলৈ ১০ কিল’মিটাৰৰ এক মিনি মাৰাথন অনুষ্ঠিত কৰে।

মাৰাথন দৌৰটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডলৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত আয়োজিত হৈছিল।

অংশগ্ৰহকাৰীসকলৰ ভিতৰত ৫০ গৰাকীয়ে দৌৰ সম্পূৰ্ণ কৰা এই মাৰাথনত চানু চাওতাল, ধীৰেন চাওতাল আৰু গৌতম গগৈয়ে ক্ৰমে ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে।

বিজয়ী কেইজনক অহা ২ অক্টোবৰত গোলাঘাটত জিলাভিত্তিত আয়োজন হ’ব লগা গান্ধী জয়ন্তীৰ বিশেষ অনুষ্ঠানত নগদ ধন আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হ’ব বুলি জনাইছে বোকাখাত মহকুমা প্ৰশাসনে।

মুঠ ৫২ গৰাকী ব্যক্তিয়ে ভাগ লোৱা এই মাৰাথনটো উদ্বোধন কৰে বোকাখাতৰ নিৰ্বাচনী বিষয়া জিমলী শইকীয়া কাকতীয়ে।