NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী–উ: গুৱাহাটী সংযোগী নতুন দলঙৰ প্ৰথমটো খুঁটা ২৫ ফেব্ৰুৱাৰিত স্থাপন কৰা হ’ব

Posted by: ভৱেশ মেধি Updated by: ভৱেশ মেধি February 15, 2020 5:24 pm
proposed bridge photo

নতুনকৈ নিৰ্মাণৰ কাম  আৰম্ভ কৰা  গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ২০২৩ চন লক্ষ্য হিচাপে লোৱা হৈছে।

জানিব পৰামতে, দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ লাগিলে সময় লাগিব  মাত্ৰ সাত মিনিট।

দলংখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে  গঠন কৰা ব্ৰহ্মপুত্ৰ ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনৰ কাৰ্য্যবাহী অভিযন্তা বি শৰ্মাই  জনায় যে দলংখন নিৰ্মাণৰ প্ৰথম খুঁটাটো অহা ২৫ ফেব্ৰুৱাৰিত  স্থাপন কৰা হ’ব।

ইতিপূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ফেব্ৰুৱাৰিত দলঙৰ আধাৰশিলা স্থাপন কৰিছিল।

মন কৰিব লগীয়া যে ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনে গুৱাহাটীৰ একাংশ সচেতন ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবে দলংখন নিৰ্মাণৰ বাবে  ভৰলুমুখৰ শংকৰদেৱ উদ্যানৰ গছ কটাৰ সিদ্ধান্ত বাতিল কৰিছে।

দলং নিৰ্মাণৰ  বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ মতে, দলংখন নিৰ্মাণৰ বাবে শংকৰদেৱ উদ্যানৰ ২০০ডাল পুৰণি আৰু মূল্যৱান গছ কটাৰ বাবে সিদ্ধান্ত কৰা লৈছিল।

ব্ৰীজ কনষ্ট্ৰাকশ্যন ডিভিজনৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে কয় যে শেহতীয়াভাৱে ডি পি আৰ কিছু সলনি কৰি শংকৰদেৱ উদ্যানক বাদ দি দলং নিৰ্মাণৰ নক্সা  তৈয়াৰ কৰা হৈছে। এতিয়া আৰু উদ্যানৰ গছ এডালো কটা নাযায়।

ডি পি আৰ মতে,  গুৱাহাটী- উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া দলংখন ছয়লেনযুক্ত হ’ব।

এ টি ৰ’ড আৰু এম জি ৰ’ডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণ কৰা হ’ব আৰু ইয়াক গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী ৱাই আকৃতিৰ দৰে নিৰ্মাণ কৰা হ’ব। নদীৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য ১.৬ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

দলংখনেৰে যাব লগীয়া বাহনবোৰ গুৱাহাটী দিশৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ওলাব পাৰিব। দলংখন নিৰ্মাণৰ বাবে ব্ৰিকছৰ নিউ ডেভেল’পমেন্ট বেংক চমুকৈ এন ডি বিয়ে ২২০০ কোটি টকাৰ অনুমোদন দিছে। দলংখন নিৰ্মাণৰ ক্ষেত্ৰত এন ডি বিয়ে ৮০ শতাংশ আৰু ৰাজ্য চৰকাৰে ২০ শতাংশ ধন ব্যয় কৰিব। দলংখনৰ আৰম্ভণিৰ কামৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ২৫০ কোটি টকা মোকলাই দিছে।

এছ পি ছিংগলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীক দলংখন নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে।