NORTHEAST NOW (Assamese)
অসম

২ ডিচেম্বৰত ডিমৌত তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চ্যুকাফা দিৱস

Posted by: হিতোজ্বল চেতিয়া September 30, 2018 2:58 pm
শিৱসাগৰ জিলাৰ ডিমৌত অহা ২ ডিচেম্বৰত সদৌ শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তথা শিৱসাগৰ মহকুমা আৰু ডিমৌ আঞ্চলিক সমিতিৰ সহযোগত চ‍্যুকাফা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে।
 শনিবাৰে উক্ত বিষয়টোৰ সন্দৰ্ভত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত ডিমৌ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।
ডিমৌ আঞ্চলিকৰ সভাপতি জয়ন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আটাছু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈয়ে উদ্দেশ্য ব‍্যাখ‍্যা আগবঢ়ায়।
সভাত উপস্থিত থকা প্ৰত‍্যেকজন ব‍্যক্তিয়ে অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ‍্যুকাফাৰ অসমীয়া জাতিৰ প্ৰতি সৰ্বোচ্চ অৱদান থকাৰ সম্পৰ্কে বক্তব‍্য আগবঢ়ায়।
আৰু এই সভাতে সকলোৰে সন্মতি মৰ্মে অহা ২ ডিচেম্বৰত ডিমৌ ৰাজহুৱা খেলপথাৰত চ‍্যুকাফা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই উদ্দেশ্যে ডিমৌ মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ নৰনাথ চেতিয়াক সভাপতি, শেখৰজ‍্যোতি দুৱৰীক কাৰ্যকৰী সভাপতি, নিপন বৰুৱা মুখ‍্য সম্পাদক, সুমিত কুমাৰ সন্দিকৈ আৰু সন্দীপ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।