NORTHEAST NOW (Assamese)
ক্ৰীড়া

আই লীগ টুৰ্ণামেণ্টত দুভৰিৰ যাদু দেখুৱাবৰ বাবে সাজু ছিকিম হিমালয়ান ফুটবল ক্লাব

Posted by: সাগৰ চেত্ৰী June 12, 2018 12:30 pm
shsc-570x320

ছিকিমৰ ফুটবল প্ৰেমীলৈ সুখবৰ। ছিকিম হিমালয়ান ফুটবল ক্লাবক ভাৰতৰ সন্মানীয় আই লীগ টুৰ্ণামেণ্টৰ অনুৰ্দ্ধ ১৩, অনুৰ্দ্ধ ১৫ আৰু অনুৰ্দ্ধ ১৮ বছৰৰ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে মান্যতা প্ৰদান কৰিছে। ক্লাবটোক ফেডাৰেশ্যনে ২ ষ্টাৰ প্ৰদান কৰে।

একাডেমিক চাৰ্টিফিকেট প্ৰদান কৰা সন্দৰ্ভত ফেডাৰেশ্যনৰ বিষয়ববীয়াই অলপতে গেংটকলৈ আহি হিমালয়ান ক্লাব একাডেমিখনৰ বিভিন্ন সুবিধা অসুবিধা সম্পৰ্কে পৰিদৰ্শন কৰে আৰু ইয়াৰ পাছতে ফেডাৰেশ্যনৰ ফালৰ পৰা ক্লাবটোলৈ ই মেইলযোগে ভাল খবৰটো আহে।

ফেডাৰেশ্যনে ৬ জুনত প্ৰেৰণ কৰা ই মেইলত ক্লাবটোৱে মুঠ ১৭৫ পইণ্টেৰে ২ ষ্টাৰ পোৱা বুলি উল্লেখ কৰে। ফেডাৰেশ্যনৰ মান্যতা পোৱাত এতিয়া ক্লাবটোৱে আই লীগৰ সকলোবোৰ যুৱ লীগত অংশগ্ৰহণ কৰিব পাৰিব।

এই সন্দৰ্ভত ক্লাবটোৰ প্ৰতিষ্ঠাপক সভাপতি টেনজিং লামথাই কয় যে ছিকিমৰ স্থানীয় ফুটবল প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ বাবেই ২০১২ চনত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল।

প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে এই সন্দৰ্ভত আৰু কয় যে ফেডাৰেশ্যনে আয়োজন কৰা আই লীগৰ য়ুথ প্ৰতিযোগিতাসমূহত ক্লাবৰ খেলুৱৈসকলে দেশৰ বিভিন্ন প্ৰান্তত খেলিবলৈ সুযোগ পাব। আৰু ইয়াৰ ফলত ভৱিষ্যতে ছিকিমে বিভিন্ন প্ৰতিভাধৰ খেলুৱৈ লাভ কৰিবলৈ সক্ষম হব। যুৱ খেলুৱৈসকলৰ বিকাশৰ বাবে য়ুথ লীগসমূহত অংশগ্ৰহণ কৰাটো অতিশয় প্ৰযোজনীয় বুলি তেওঁ উল্লেখ কৰে।

‘এই সমূহ কাৰণতে আমাৰ ক্লাবে একাডেমিক মান্যতা বিচাৰি ফেডাৰেশ্যনৰ ওচৰ চাপিছিল। প্ৰথম প্ৰচেষ্টাতে ২ ষ্টাৰেৰে একাডেমিক মান্যতা পাবলৈ সক্ষম হোৱাত আমি অতিশয় আনন্দিত’। এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে লামথাই।

উল্লেখ্য যে ক্লাবটোক মাত্ৰ এবছৰৰ বাবেহে ফেডাৰেশ্যনে মান্যতা প্ৰদান কৰিছে। এই সন্দৰ্ভত লামথাই কয়, ‘ক্লাবৰ আন্তঃগাথনি উন্নয়ন তথা কাৰিকৰী সমস্যা সমূহ সমাধান কৰিবলৈ ফেডাৰেশ্যনে আমাক পৰামৰ্শ আগবঢ়াইছে। আমাৰ ক্লাবৰ মান্যতা যাতে অহা বছৰ বাতিল নহয় তাৰ বাবে আমি এই সমস্যা সমূহ সমাধান কৰাৰ প্ৰয়াস কৰিম’।

ছিকিম হিমালয়ান ফুটবল ক্লাবত ৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৫০ গৰাকী খেলুৱৈয়ে হোষ্টেলতে থাকি ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তাৰোপৰি একাডেমিত নথকা বহু খেলুৱৈয়েও এই ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰে। ক্লাবৰ খেলুৱৈসকলে ৰাতিপুৱা গধূলি গাৰ্ডছ গ্ৰাউণ্ডত অনুশীলন কৰে।

আই লীগৰ আগন্তুক অনুৰ্দ্ধ ১৩, অনুৰ্দ্ধ ১৫ আৰু অনুৰ্দ্ধ ১৮ বছৰৰ প্ৰতিযোগিতা সমূহত অংশগ্ৰহণৰ বাবে বাচনি শিবিৰৰো আয়োজন কৰিব বুলি প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয়।