NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 16, 2021 11:54 am

পাকিস্তানৰ দ্বাৰা প্ৰশিক্ষিত ৩০০-৪০০ সন্ত্ৰাসবাদীয়ে লাইন অফ কন্ট্ৰোল অতিক্ৰম কৰি জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সাজু হৈ আছে বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্থল সেনা প্ৰধান এম এম নাৰাভানে।

‘‘বিগত বৰ্ষত পাকিস্তানৰ দ্বাৰা সীমান্ত যুদ্ধবিৰতি উলংঘা কৰাৰ হাৰ ৪৪ শতাংশ বৃদ্ধি পাইছে যি পাকিস্তানৰ সন্ত্ৰাসবাদী প্ৰেৰণৰ পৰিকল্পনাৰ প্ৰমাণ,’’ এম এম নাৰাভানে শুকুৰবাৰে এইদৰে কয়।

আনহাতে, পাকিস্তানে সুৰংগ, ড্ৰোণ আদিৰ সহায়ত ভাৰতলৈ অবৈধ অস্ত্ৰ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও নাৰাভানে লগতে কয়।

ইপিনে, স্থলসেনা প্ৰধান গৰাকীয়ে শুকুৰবাৰে সীমান্তত ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা উত্তেজনা সম্পৰ্কেও মত প্ৰকাশ কৰে।

সীমান্তৰ পৰিস্থিতি সম্পৰ্কে উল্লেখ কৰি নৰাভানে ভাৰতে সদায় আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান বিচাৰে কিন্তু কোনো শক্তিয়ে ভাৰতৰ সংযম আৰু ধৈৰ্য্যৰ পৰীক্ষা লৈ ভুল কৰিব নালাগে।