NORTHEAST NOW (Assamese)
অসম

কৰ’নাক লৈ WHOৰ নতুন সতৰ্কবাণী; বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 10:59 am
WHO

কৰ’না সংক্ৰমণৰ ক্ষিপ্ৰতা আৰু বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কোভিড-১৯ৰ সংক্ৰমণ সম্পৰ্কে নতুন আশংকাৰ কথা সদৰী কৰিছে।

তদুপৰি বিশ্বত লকডাউন প্ৰত্যাহাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা তৎপৰতাৰ বাবেও সতৰ্ক কৰি দিছে সংস্থাটোৱে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল টেড্ৰ’ছ আধানম ঘেব্ৰিয়াছুছে শুকুৰবাৰে কয় যে এই ভাইৰাছ এতিয়াও দ্ৰুতভাৱে সংক্ৰমিত হৈ আছে।

তেওঁ কয় যে এইটো এতিয়াও পূৰ্বৰ দৰেই মাৰাত্মক ৰূপতে আছে। অধিকাংশ লোকেই আক্ৰান্ত হোৱাৰ অৱকাশ থাকি গৈছে। সমগ্ৰ বিশ্ব এতিয়া এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে।

টেড্ৰ’ছৰ মতে লেটিন আমেৰিকা, দক্ষিণ এছিয়া আৰু মধ্য প্ৰাচ্যৰ পৰিস্থিতি উদ্বেগজনক।

তেওঁৰ মতে, বৰ্তমান লেটিন আমেৰিকাৰ পৰাই সৰ্বাধিক আক্ৰান্তৰ বাতৰি আহিছে।  দক্ষিণ এছিয়াৰ দেশসমূহতো বহু লোক আক্ৰান্ত হৈছে। সেইদৰে মধ্য প্ৰাচ্যত ক্ষিপ্ৰতাৰে সংক্ৰমণ ঘটিছে। এয়া এক ভয়ংকৰ পৰিস্থিতিৰ আগজাননী।

প্ৰকৃততে. বৰ্তমান যিবোৰ দেশত কৰ’নাৰ সংক্ৰমণে দ্ৰুততা লাভ কৰিছে তাত য়ুৰোপৰ দেশসমূহৰ দৰে স্বাস্থ্য আন্ত:গাঁথনি নাই। সেইটোৱে WHOৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।

সংস্থাটোৱে লকডাউন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰি আহিছে যদিও বহুকেইখন দেশে সেই সেয়া আওকান কৰি লকডাউন শিথিল কৰি দিছে।

ইপিনে, শনিবাৰে পুৱালৈকে বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা ৮৭লাখ ৫৭হাজাৰ ৭৫০জনলৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে বিশ্বত কৰ’নাৰ ফলত ৪লাখ ৬২হাজাৰ ৫১৯জন লোকৰ মৃত্যু হৈছে।