NORTHEAST NOW (Assamese)
অসম

১১দিনৰ ভিতৰত ৬টাকৈ হাতীৰ মৃত্যু; নজন আই এফ এছ বিষয়াক কৰা হ’ল বদলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 11:40 am
Elephant-1140x570

এগৰাকী প্ৰধান মুখ্য বন সংৰক্ষককে (বন্যপ্ৰাণী)ধৰি নজনকৈ ভাৰতীয় বন সেৱাৰ (আই এফ এছ) বিষয়াক শুকুৰবাৰে ছত্তীশগড় চৰকাৰে বদলি কৰিছে।

ৰাজ্যখনত বিগত ১১দিনত ৬টাকৈ হাতীৰ মৃত্যু ঘটাৰ পাছতেই আইএফএছ বিষয়াকেইগৰাকীৰ বদলিৰ সিদ্ধান্ত লোৱা হয়।

হাতীৰ মৃত্যু ঘটা বলৰামপুৰ আৰু ধৰমজয়গড়ৰ ডিভিজনেল ফৰেষ্ট অ’ফিচাৰ (ডিএফঅ’)কে ধৰি আৰু আঠগৰাকী বিষয়াকো বদলি কৰা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ সুৰযপুৰ,বলৰামপুৰ,ধামটাৰি আৰু ৰাইগড়ত বিগত ১১দিনত ৬টা হাতীৰ মৃত্যু হৈছিল।

বাতৰি অনুসৰি, ৰমজয়গড় আৰু ৰাইগড়ত দুটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল।

ধামটাৰি জিলাত এটা হাতী পোৱালিৰ জলাশয়ত আৱদ্ধ হৈ পৰাৰ পাছত মৃত্যু হৈছিল।

বন্যপ্ৰাণীৰ এনে দুৰ্দশাৰ বিষয়টোৱে ৰাজ্য চৰকাৰখনৰ বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৰ্থতাক উদঙাই দিয়াৰ পাছত চৰকাৰে বনবিষয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰা বুলি অনুমান কৰা হৈছে।