NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু নৃত্যশিল্পী ঝৰ্ণা শইকীয়াক ২০২০ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 8:56 pm

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন কৰা হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু নৃত্যশিল্পী ঝৰ্ণা শইকীয়ালৈ ২০২০ বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হয়।

এই বঁটাত এখন প্ৰশস্তিপত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ২ লাখ টকাৰ চেক আগবঢ়োৱা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে তেজপুৰত থকা কলাগুৰু বিষ্ণুৰাভা দেৱৰ সমাধিক্ষেত্ৰ সংৰক্ষণ কৰাৰ লগতে ইয়াক ৰাজ্য চৰকাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰিব বুলি কয়।

আনহাতে,দুয়োগৰাকী শিল্পীক বিষ্ণুৰাভা বঁটা প্ৰদান কৰি সোণোৱালে ৰাজ্যৰ সাংস্কৃতিক জীৱনধাৰালৈ অমূল্য বৰঙণি আগবঢ়োৱা এইগৰাকী শিল্পীক আমাৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ গৈ তেওঁৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি চেষ্টা কৰিব লাগিব বুলি কয়।

তদুপৰি, বিষ্ণুৰাভাৰ দিৱসটি মাথোঁ ৰাজ্যৰ ভিতৰতে সীমাৱদ্ধ ৰখা উচিত নহয় বুলি সোণোৱালে উল্লেখ কৰি মনীষীগৰাকীৰ জীৱন আৰু কৰ্মৰ মহান আদৰ্শৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ ক্ষেত্ৰত প্ৰস্তাৱিত সংগ্ৰহালয়টোৱে এক মঞ্চৰ ৰূপত কাম কৰিব বুলিও লগতে উল্লেখ কৰে।