NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৩৮৮জনলৈ বদ্ধি; নতুনকৈ ১৩৩ গৰাকী চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 12:16 pm
1216 persons cured of COVID-19 in Assam on Tuesday

ৰাজ্যত পুনৰ নতুনকৈ ১৩৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান অসমত আক্ৰান্তৰ সংখ্যা ৫৩৮৮জনলৈ বদ্ধি পাইছে।

ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২১৭৪জন।

আনহাতে, মুঠ ৩২০২জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু ঘটিছে।

আজি চিনাক্ত হোৱা সকলৰ ৭৩ গৰাকী কামৰূপ (মহানগৰ)ৰ, ৩১ গৰাকী নগাঁৱৰ, ১৮ গৰাকী যোৰহাটৰ, ৫ গৰাকী ওদালগুৰীৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী মাজুলীৰ, এগৰাকী ধেমাজী আৰু এগৰাকী তিনিচুকীয়াৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

ইপিনে শনিবাৰে অসমত ২৪৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে শুকুৰবাৰে ১০২জন কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰৰ দিনটোত মুঠ ২১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছিল।