NORTHEAST NOW (Assamese)
অসম

বাঘজান তৈলক্ষেত্ৰত সকলো উৎপাদন, খনন বন্ধৰ নিৰ্দেশ অইলক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 6:38 pm
Assam: Pollution Control Board asks OIL to shut production in Baghjan

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসমে অইল ইণ্ডিয়া লিমিটেডক বাঘজান তৈলক্ষেত্ৰত ইয়াৰ সকলো উৎপাদন, খনন বন্ধ তৎকালে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

ব’ৰ্ডে বাঘজানৰ জুই নুমুওৱা আৰু গেছৰ নিৰ্গমন বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈয়ো অইলক নিৰ্দেশ দিছে।

অইলক দিয়া জাননীত ব’ৰ্ডে কয় যে আইন উলংঘা কৰি নিয়মিত বাৰ্ষিক প্ৰতিবেদন গুৰুত্বসহকাৰে দাখিল কৰা হোৱা নাছিল, আৰু বলৱৎ থকা আইনৰ অধীনত ই শাস্তিৰ যোগ্য।

“কোম্পানিটোক ১০ জুনত জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিয়াৰ বাবে সময় বঢ়াই দিয়াৰ বাবে অইলে কৰা অনুৰোধ ব’ৰ্ডে প্ৰত্যাখ্যান কৰিছে,” ব’ৰ্ডৰ এগৰাকী বিষয়াই জনায়।

“পৰিৱেশৰ প্ৰদূষণ কৰি অইলে বলৱৎ থকা আইনৰ ব্যৱস্থা উদাসীনভাৱে উলংঘা কৰিছিল,” বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে লগতে জনাই যে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ষমতাৰ প্ৰয়োগ কৰি পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬, জল (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪ আৰু বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১ৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত অইলক এই নিৰ্দেশ দিয়া হৈছে।