NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ গণ সংক্ৰমণ : অম্বুবাচীৰ সময়তো নিমাওমাও নীলাচল পাহাৰৰ বুকু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 21, 2020 6:31 pm

নিস্তদ্ধ নীলাচলৰ বুকু। কামাখ্যা ধামত নাই কোনো সাধু-সন্ত, নাই কোনো জনসমাগম।

কাইলৈৰ পৰা অৰ্থ্যাৎ অহা ২২ জুনৰ পৰা মহা অম্বুবাচী। কিন্তু এইবাৰ ঐতিহাসিক কামাখ্যাধামত অনুষ্ঠিত নহয় মহাঅম্বুবাচী মেলা।

উল্লেখযোগ্য যে, অম্বুবাচী মেলাৰ এসপ্তাহৰ পূৰ্বৰে পৰা দশক দশক ধৰি কামাখ্যাধামত দেখিবলৈ পোৱা গৈছিল দেশী-বিদেশী ভক্তৰ লানি নিছিগা সোঁত। কিন্তু প্ৰথমবাৰলৈ কামাখ্যাধামত নিমাওমাও পৰিৱেশ বিৰাজমান।

অতি অনুষ্টুপীয়াকৈ কেৱল ধমীয় ৰীতি নীতিৰ লগতে পুজাৰীয়ে পুজা-অৰ্চনা সম্পন্ন কৰিব মা কামাখ্যা মূতিৰ সন্মুখত।

কাইলৈ পুৱা ৭ বাজি ৫৩ মিনিট ১৫ ছেকেণ্ডত প্ৰবৃত্তি হোৱাৰ বিপৰীতে অহা ২৫ জুনৰ নিশা ৮ বাজি ১৬ মিনিট ৫৫ ছেকেণ্ডত নিবৃত্তি হ’ব বুলি কামাখ্যাৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই আমাৰ সাংবাদিকক জনায়।

ইপিনে যোৱা ২২মাৰ্চৰ পৰা ক’ৰ’নাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ উদ্দ্যেশ্যে তিনিমাহ ধৰি  মা কামাখ্যা ধামলৈ  ভক্তৰ সমাগম নিষিদ্ধ কৰি দিয়াত চৰম হতাশাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল।

দোকান-পোহাৰ বন্ধ হৈ থকাৰ ফলত উপাৰ্জনৰ পথ হেৰুৱাইছে দোকানী আৰু কমচাৰীসকলে।

পূৰ্বতে গ্ৰাহক বা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা দোকানসমূহত এতিয়া ওলমি আছে এটা প্ৰকাণ্ড তলা।

‘কামাখ্যা অঞ্চলৰ ৮০ শতাংশৰ পৰা ৮৫ শতাংশ লোকেই মন্দিৰৰ সৈতে জড়িত হৈ আছিল। দৰ্শনাৰ্থীসকলৰ পৰা যি উপাৰ্জন হয় তাৰেই তেওঁলোকে একো একোটা পৰিয়াল পোহপাল দি আছিল। আৰ্থিকভাৱে বেয়া অৱস্থাত পৰিলেও বা জুৰুলা হ’লেও ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে মন্দিৰ বন্ধ কৰি দিয়াৰ দৰে এনে কঠিন সিদ্ধান্ত লোৱা হৈছে।‘ মোহিত চন্দ্ৰ শৰ্মাই আমাৰ সাংবাদিকৰ আগত কয়।

পূবতে কামাখ্যাধামলৈ উঠি যোৱা পথচোৱাত আজিৰ দিনটোৰে পৰা বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।

কিন্তু আজি জনশূণ্য এই পথ। ক’ৰ’নাৰ পাদুৰ্ভাৱৰ বাবে এই বছৰ অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী।

ক’ৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে উপায়হীন হ’লেও অম্বুবাচীৰ সময়ছোৱাত ভক্তৰ সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কামাখ্যাৰ চৌহদত।