NORTHEAST NOW (Assamese)
অসম

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হ’বলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 8:57 am
Assam CM asks people not to panic as COVID-19 postive cases reach 13 in state

মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে নির্দেশনাসমূহ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্য সচিবে নির্দেশ দিয়ে৷

সোমবাৰে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে মুখ্য সচিবক এই নিৰ্দেশ দিয়াৰ লগতে এই বিধিসমূহ মানি নচলা ব্যক্তিৰ বিৰুদ্ধেও কঠোৰ হ’বলৈ আহ্বান জনায়।

বৈঠকৰ আৰম্ভণিতে স্বাস্থ্য মন্ত্রী ড০ শর্মাই ৰাজ্যখনত কৰ’নাৰ সংক্রমণৰ শেহতীয়া স্থিতি মুখ্যমন্ত্রীক অৱগত কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই ৰোগ সংক্রমণৰ প্রতিৰোধকল্পে গ্রহণ কৰা ব্যৱস্থাৱলী সম্পর্কে মুখ্য মন্ত্রীক অৱগত কৰে৷

স্বাস্থ্য মন্ত্রীয়়ে লগতে মুখ্য মন্ত্রীক জনায় যে বর্তমান মহানগৰীৰ ১২টা টেষ্টিং চেণ্টাৰত জনসাধাৰণৰ বাবে স্ব-ইচছাই স্বোৱাব সংগ্রহ প্রক্রিয়া চলি আছে আৰু স্বাস্থ্য বিভাগে মহানগৰীৰ বৃহৎসংখ্যক জনসাধাৰণৰ স্বোৱাব পৰীক্ষাৰ সহায়ক হোৱাকৈ ৩১টা ৱার্ডতে একোটাকৈ ছেম্পল কালেকশ্যন চেণ্টাৰ তাৎক্ষণিকভাৱে স্থাপনৰ পদক্ষেপ ল’ব৷

এই বৈঠকতে গুৱাহাটী মহানগৰীৰ ক্রমবর্ধমান ক’ৰ’না পজিটিভ ৰোগীৰ বিষয়টো বিতংভাৱে পর্যালোচনা কৰা হয় আৰু এই ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থাৰাজি গ্রহণৰ বাবে মুখ্য মন্ত্রীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক নির্দেশ দিয়ে৷

বৈঠকত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই এই পৰ্যন্ত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা, পৰীক্ষা কৰা লেবৰ সংখ্যা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ, বহিঃৰাজ্যৰ পৰা বিমান, ৰে’ল আৰু স্থল পথেৰে কিমান লোক আহিল ইত্যাদি দিশসমূহ মুখ্য মন্ত্রীক অৱগত কৰে৷

আজিৰ এই বৈঠকত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ুষ হাজৰিকা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্য মন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়াৰ লগতে প্রশাসন আৰু আৰক্ষী বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷