NORTHEAST NOW (Assamese)
অৰুণাচল

গলৱান উপত্যকাত বীৰৰ দৰে যুদ্ধ কৰা ভাৰতীয় সেনা বাহিনীৰ জোৱানক সাক্ষাৎ স্থল সেনা প্ৰধানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 6:43 am

লাডাখৰ গলৱান উপত্যকাত চীনা সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাহসেৰে যুদ্ধ কৰা ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ আলোকচ্চিত্ৰ মঙলবাৰে প্ৰথমবাৰৰ বাবে মুকলি কৰে ভাৰতীয় সেনাবাহিনীয়ে।

লেহত থকা সেনাবাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বীৰ জোৱান সকলক মঙলবাৰে স্থল সেনা বাহিনীৰ প্ৰধান এম এম নাৰাভাৱে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

স্থল সেনা প্ৰধান এম এম নাৰাভানে মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ পূৱ লাডাখত উপস্থিত হৈছে।

এই দুদিনীয়া ভ্ৰমণ সূচীত স্থল সেনা প্ৰধান গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন দিশ নিৰীক্ষণ কৰিব।

লাডাখত শেহতীয়াভাৱে ১৫ জুনত চীনা সেনাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা বাহিনীৰ জোৱান শ্বহীদ হৈছিল।

উক্ত সংঘৰ্ষত চীনৰো বহু সেনাজোৱানে প্ৰাণ হেৰুৱাইছিল যদিও পিপলছ লিবাৰেশ্যন আৰ্মিয়ে মুকলিকৈ সেই কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছিল কিন্তু ভাৰতীয় সেনা বাহিনীৰ সৈতে হোৱা শেহতীয়া বৈঠকত চীনে নিজৰ সেনা বাহিনীৰ জোৱানৰ মৃত্যুৰ কথা স্বীকাৰ কৰে।