NORTHEAST NOW (Assamese)
Popular Stories

স্মাৰ্ট ফোনৰ অভাৱত এজন পোন্ধৰ বছৰীয়া ছাত্ৰৰ আত্মহত্যা

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী June 24, 2020 7:24 am

এটা স্মাৰ্ট ফোনৰ অভাৱত অনলাইন পাঠদান আৰু পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে আত্মহত্যাৰ পথ বাচি ললে এজন ১৫ বছৰীয়া মেধাৱী ছাত্ৰই।

সোমবাৰে চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং শালবাৰীৰ সুবংসাৰ নাৰ্জাৰীয়ে ঘৰৰ ওচৰৰে এডাল গছত চিপ লৈ আত্মহত্যা কৰে।

টুক্ৰাঝাৰ হাই স্কুলত দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ গৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে এটা টোকা লিখি থৈ গৈছে।

মহামাৰী ক’ৰ’নাৰ বাবে বন্ধ হৈ থকা বিদ্যালয় সমূহৰ অধিকাংশই অনলাইনযোগে পাঠদান আৰম্ভ কৰিছিল। কিন্তু আৰ্থিকভাৱে দুৰ্বল হোৱা বাবে নাৰ্জাৰীৰ পৰিয়ালৰ লোকে কিনিব পৰা নাছিল এন্ড্ৰয়ড ম’বাইল ফোন I

ছাত্ৰজনে অনলাইন পাঠদানত অংশ ল’ব নোৱাৰাত মানসিকভাৱে ভাঙি পৰিছিল বুলি স্থানীয় লোকে জনায়।

এই গৰাকী ছাত্ৰৰ মৃত্যুই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলোৱাৰ লগতে ক’ৰ’না মহামাৰীৰ বাবে সৰ্বসাধাৰণে কেনেধৰণৰ দুৰ্ভোগ ভুগিব লগীয়া হৈছে সেয়া পৰিষ্ফুটিত হৈছে৷