NORTHEAST NOW (Assamese)
অসম

পবিতৰা অভয়াৰণ্যত অসুস্থ গঁড়ৰ চিকিৎসাৰ অভাৱত মৃত্যু

Posted by: এন ই নাও নিউজ February 26, 2018 4:05 pm
rhino

পবিতৰা অভয়্যৰণ্যত বন বিভাগৰ অকমৰ্ণ্যতাৰ বাবে পুনৰ এটা গঁড়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে মৃত গঁড়টো আজি ৬ মাহ ধৰি আঘাতপ্ৰাপ্ত হৈ অসুস্থা অৱস্থা আছিল যদিও বন বিভাগে গঁড়টোৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত গঁড়টোৱে ২২ ফেব্ৰুৱাৰিত মৃত্যুক আঁকোৱালি লয়।

ৰাজ্যখনত অন্য বন্য জীৱ-জন্তুৰ তুলনাত গঁড়ৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাটো বন বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ বাবে দুৰ্ভাগ্যজনক কথা আৰু ই  বন বিভাগটোৰ শোচনীয় অৱস্থাৰ কথাকে প্ৰমাণিত কৰিছে।

আনহাতে বনমন্ত্ৰীৰ প্ৰমীলা ৰাণী ব্ৰহ্ময়ো ৰাজ্যখনত বন্য জীৱ-জন্তুৰ লগতে গঁড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ বন বিভাগৰ গাফিলতি বুলি স্বীকাৰ কৰিছিল।

উল্লেখযোগ্য যে পবিতৰা বন বিভাগে গঁড়টো মৃত্যু হোৱাৰ বাতৰিটো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল যদও কেইজনমান পৰ্যটকে মৃত গঁড়টো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

মন কৰিব লগীয়া যে বন বিভাগলৈ বন্যপ্ৰাণী চোৱাচিতা কৰা তথা চিকিৎসাৰ বাবদ এক বৃহৎ পৰিমাণৰ ধন চৰকাৰৰ ফালৰ পৰা আহে যদিও প্ৰায় সংখ্যক বন্য জীৱ-জন্তুৱে চিকিৎসা অবিহনে মৃত্যুক আঁকোৱালি ল’ব লগা হয়।