NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ নকৰে ৰাজনাথ সিঙে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 1:59 pm

ৰাছিয়াৰ বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে মস্কোত উপস্থিত হোৱা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে।

চীনৰ সংবাদ মাধ্যমত মস্কোত ভাতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংগে মিলিত হ’ব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

চীনৰ সৈতে শেহতীয়াভাৱে সীমান্তত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সময়তে ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

আনহাতে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ৰাছিয়াই ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰিব বুলিও মন্তব্য কৰিছে।

ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণৰ সময়তে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা অস্ত্ৰ চুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অস্ত্ৰসমূহ পলম নোহোৱাকৈ ভাৰতক যোগান ধৰাৰ ক্ষেত্ৰতো আলোচনা কৰা হৈছে।

উল্লেখযোগ্য যে, মস্কোত অনুষ্ঠিত হ’বলগীয়া বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ভাৰতকে ধৰি বিভিন্ন দেশৰ ৰাজনৈতিক নেতৃত্ব ৰাছিয়াত উপস্থিত হৈছে।