NORTHEAST NOW (Assamese)
অসম

সেনা আৰু আৰক্ষী সম্পৰ্কে অভিনেতা পৰেশ ৰাৱালৰ কি মন্তব্যই বুটলিছে ইমান প্ৰশংসা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 7:58 pm
y3hwvpquqqqujr5d_1590822778

বলীউদৰ প্ৰসিদ্ধ অভিনেতা পৰেশ ৰাৱালৰ মতে অভিনেতাসকল নহয়, সেনা আৰু আৰক্ষীসকলকহে “হিৰো’ বুলি কোৱা উচিত।

অভিনেতা ৰাৱালে এটা টুইটৰ জৰিয়তে কয়,’’ আমাৰ ভৱিষ্যৎ প্ৰজন্মই যাতে প্ৰকৃত হিৰোৰ সঠিক অৰ্থ বুজিব পাৰে, তাৰ বাবে আমি অভিনেতাসকলক এন্টাৰটেইনাৰ (মনোৰঞ্জনকাৰী) আৰু আমাৰ সেনা আৰু আৰক্ষীক হিৰো (নায়ক) বুলি ক’বলৈ আৰম্ভ কৰা উচিত।‘’

পৰেশ ৰাৱালৰ এই টুইটৰ পাছতে ছচিয়েল মিডিয়াত অভিনেতাগৰাকীক বিভিন্নজনে প্ৰশংসাৰে ওপচাই পেলাইছে।

শেহতীয়াকৈ সীমান্ত গলৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত হোৱা সংঘাতৰ ফলত দেশৰ ২০গৰাকী জোৱান শ্বহীদ হয়।

দেশবাসীয়ে সেনা জোৱানসকললৈ আৱেগভৰা শ্ৰদ্ধাঞ্জলি জনাইছে।

বলীউদৰ অভিনেত্ৰী ৰবীনা টেণ্ডনেও ছচিয়েল মিডিয়াত সেনাৰ প্ৰতি সন্মান জনাই নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে।

অভিনেতা পৰেশ ৰাৱালৰ টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভিন্নজনে নিজৰ মন্তব্যও দাঙি ধৰিছে।

এজনে লিখিছে,’সঁচাকৈয়ে, অভিনেতাসকল নকল হিৰো, প্ৰকৃত হিৰো হৈছে সেনা আৰু আৰক্ষীহে।‘