NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাতংক : বেলতলা বজাৰ বন্ধ কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 2:31 pm
Beltola-market-1

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।

গুৱাহাটীত ক’ৰ’নাৰ গণ সংক্ৰমণৰ ঘটা বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে মহানগৰ জিলা প্ৰশাসনো অধিক সতৰ্ক হৈ উঠিছে।

যোৱা ২৩ জুনত কামৰূপ(ম) জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ ১১ টাকৈ ৱাৰ্ডত ল’কডাউন ঘোষণা কৰাৰ পিছতে এইবাৰ কোভিড১৯ সংক্ৰমণৰ আশংকাত বেলতলা বজাৰ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা কথা ঘোষণা কৰিছে।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰিত এক পত্ৰ এই নিৰ্দেশনা জাৰি হৈছে।

কোভিড১৯ প্ৰটক’ল আৰু সামাজিক ব্যৱধান মানি নচলাৰ বাবে কোভিড১৯ সংক্ৰমণৰ বৃদ্ধি ঘটাৰ ফলত বেলতলা সাপ্তাহিক আৰু দৈনিক বজাৰ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আজিৰ পৰা পৰৱৰ্তী নিৰ্দেশনা ঘোষণা নকৰা পৰ্যন্ত বন্ধ থাকিব।

কোনো লোকে এই নিৰ্দেশনা উলংঘন বা অৱমাননা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০২০ৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনাটোক কোৱা হৈছে।