NORTHEAST NOW (Assamese)
Popular Stories

বাতিল কৰা হৈছে ICSE বৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 5:01 pm
exam-hall-pic-MM

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষা বাতিল কৰা হৈছে।

কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্স্যামিনেশ্যন চমুকৈ CISCEয়ে জনোৱা মতে এই বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকি থকা পৰীক্ষা কেইটা বাতিল কৰা হৈছে। ক’ৰ’নাৰ প্ৰতি লক্ষ্য উক্ত পৰীক্ষাকেইটা জুলাইত অনুষ্ঠিত কৰাৰ কথা আছিল।

CBSE ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেনিৰ পৰীক্ষা সমূহ বাতিল কৰা বুলি ঘোষনা কৰাৰ পিছতে CISCEয়ে ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অনুষ্ঠিত হ’বলৈ বাকি থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত লয়।

CISCEৰ তৰফৰ পৰা জ্যষ্ঠ অধিবক্তা জয়দ্বীপ গুপ্তাই উচ্চতম ন্যয়ালয়ৰ শুনানিত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰী লকডাউন ঘোষণা কৰাৰ বাবে CBSE আৰু ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বহুকেইটা পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকি থাকি গৈছিল।