NORTHEAST NOW (Assamese)
Popular Stories

ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে অধিক প্ৰতিৰোধ কৰে ভাইৰাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 3:59 pm
mask

অদৃশ্য শত্ৰু ক’ৰ’ণা ভাইৰাছক বাধা দিবলৈ এতিয়া বজাৰত বিভিন্ন ধৰণৰ মাস্ক পোৱা যায়।

কিছুমানে এন-৯৫ মাস্কো অধিক সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

কিন্তু ৰেছপিৰেটৰী ভালভ যুক্ত মাস্ক এন-৯৫ৰ ব্যৱহাৰত ভুল হ’লে ভালত কৈ বেয়া হোৱাৰ আশংকাহে বেছি বুলি শেহতীয়াকৈ চিকিৎসা বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

এনে পৰিস্থিতিত ঘৰতে প্ৰস্তুত কৰা কপাহী সূতাৰ মাস্ক আটাইতকৈ নিৰাপদ বুলি প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ এদল বিজ্ঞানীয়ে।

বিজ্ঞানীৰ দল টোৱে শেহতীয়াকৈ থোৰাক্স ছায়েন্স জাৰ্নালত প্ৰকাশ কৰা অনুসৰি ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে আন মাস্কতকৈ অধিক হাৰত ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে।

চাৰ্জিকেল মাস্কক বহুতে উত্তম মাস্ক বুলি ভাবে যদিও এনে মাস্কে অতি ক্ষুদ্ৰ বীজাণুক বাধা দিব নোৱাৰে বুলি বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

চাৰ্জিকেল মাস্ক অথবা আন মাস্কৰ তুলনাত ঘৰতে প্ৰস্তুত কৰা কপাহী মাস্কে যিকোনো বীজাণুক বাধা দিবলৈ সক্ষম বুলি বিজ্ঞানীৰ দলটোৱে কৈছে।

তেওঁলোকে আল্ট্ৰা ভায়’লেট ৰশ্মিৰ সহায়ত পৰীক্ষা চলাই ঘৰতে প্ৰস্তুত কৰা এতৰপীয়া কপাহী মাস্কে কাঁহিলে ওলোৱা কণিকা প্ৰতিহত কৰিব পাৰে বুলি প্ৰমাণ পাইছে।

কপাহী মাস্ক যদি দুই বা তিনি তৰপীয়া হয় তেন্তে সেয়া আৰু উত্তম বুলি বিজ্ঞানীৰ দল টোৱে প্ৰকাশ কৰিছে