NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় টিকটকাৰ তথা নৃত্যশিল্পী চিয়া কক্কৰৰ ১৬ বছৰ বয়সত আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 7:39 pm

বলিউদৰ জনপ্ৰিয় প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুত আৰু ক্ৰাইম পেট্ৰ’লৰ অভিনেত্ৰী প্ৰেকশা মেহতাৰ মৃত্যুৰ পাছত আজি নতুন দিল্লীত আত্মহত্যা কৰে জনপ্ৰিয় টিকটিক ষ্টাৰ তথা নৃত্য শিল্পী চিয়া কক্কৰ।

মৃত্যুৰ সময়ত চিয়া কক্কৰৰ বয়স আছিল মাত্ৰ ১৬ বছৰ।

চিয়াৰ ব্যক্তিগত মেনেজাৰ অৰ্জুন চাৰিনে টিকটকাৰ গৰাকীৰ আত্মহত্যাৰ কথা নিশ্চিত কৰে।

”এয়া ব্যক্তিগত সমস্যাৰ বাবে হ’ব পাৰে……কামৰ ক্ষেত্ৰত তাই ভালদৰে আগবাঢ়িছিল। মই যোৱা নিশা তাইৰ লগত নতুন প্ৰজেক্ট সম্পৰ্কত কথা পাতিছিলো আৰু তাই ভালদৰে ইয়াৰ উত্তৰ দিছিল,” অৰ্জুন চাৰিনে কয়।

অৰ্জুনে চিয়া কক্কৰ মৃত্যুৰ ফলত এগৰাকী উজ্বল প্ৰতিভা নোহোৱা হৈ গ’ল বুলিও লগতে উল্লেখ কৰে।

বৰ্তমান আৰক্ষীয়ে চিয়াৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মৰোণত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে চিয়াৰ মৃত্যু আত্মহত্যা নে হত্যা সেয়া পোহৰলৈ আহিব।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বলিউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত সমগ্ৰ বলিউদ স্তম্ভিত হৈ পৰিছিল।

বলিউদ চলচ্চিত্ৰ জগতৰ আভ্যন্তৰৰ ভিতৰৰ চাপৰ বাবেই সুশান্তে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছে বুলি বিভিন্ন লোকে উল্লেখ কৰিছে।