NORTHEAST NOW (Assamese)
অসম

বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী লোকৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 8:00 pm

ক’ৰ’নাৰ ভয়াবহতা, বানপানী, সামুদ্ৰিক ঘুৰ্ণিবতাহকে ধৰি একাধিক দুৰ্যোগে বৰ্তমান সময়ত ভাৰতক আগুৰি ধৰিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে আজি বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী লোকৰ শোকাৱহ মৃত্যু ঘটে।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাত পৰি মৃত্যু হোৱা লোক সকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, মুখ্য মন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

বিহাৰত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা ৮৩ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী গোপালগঞ্জ জিলাৰ বাসিন্দা।

বিহাৰৰ এই শোকাৱহ ঘটনাত মুখ্য মন্ত্ৰীৰ লগতে অন্য ৰাজনৈতিক নেতা সকলেও শোক প্ৰকাশ কৰে।

বাতৰি লাভ কৰাৰ সময়লৈ বাকী সকল লোকৰ সবিশেষ লাভ কৰা হোৱা নায়। বিগত দুদিন ধৰি বিহাৰত নেৰানেপেৰা বৰষুণ দি আছে।