NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ প্ৰথম পৰ্যায়ৰ মানৱ পৰীক্ষণ আৰম্ভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2020 9:11 pm
Story-11-10-1140x570

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিনৰ মানৱ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

মানৱ পৰীক্ষাৰ অংশস্বৰূপে স্বেচ্ছাসেৱক সকলক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হ’ব।

আহিবলগীয়া সপ্তাহত ৩০০ কৈ অধিক লোকক এই ভেকচিন প্ৰদান কৰা হ’ব।

লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ প্ৰফেছাৰ ৰবিন শ্বাত্তোক আৰু তেওঁৰ দলে এই ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

মানৱ পৰীক্ষাৰ পূৰ্বে পশুৰ শৰীৰত কৰা পৰীক্ষাৰ সময়ত এই ভেকচিন বিধে ভাল ফলাফল দেখুৱাইছিল।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক সকলে ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ কৰিছে।

বৰ্তমান সময়ত সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে গৱেষণা অব্যাহত আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় ১২০ টা ক’ৰ’না ভাইৰাছৰ গৱেষণা চলি আছে।

ইম্পেৰিয়েল কলেজৰ পৰীক্ষাৰ ভেকচিনৰ প্ৰথম পৰ্যায়ৰ মানৱ পৰীক্ষণৰ অন্তত দ্বিতীয় পৰ্যায়ৰ বাবে ৬০০০ মানুহৰ শৰীৰত ইয়াৰ প্ৰয়োগ কৰা হ’ব।

ইম্পেৰিয়েল কলেজৰ গৱেষকৰ দলটোৱে ক’ৰ’না ভাইৰাছৰ ভেকচিন ২০২১ চনৰ প্ৰথমভাগতে মানুহক যোগান ধৰিব পাৰিব বুলি আশাবাদী।